এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় ক্ৰিকেট দলত উমা ছেত্ৰী... 
ক্রীড়া-জগত

এছিয়া কাপৰ বাবে ঘোষিত ভাৰতীয় ক্ৰিকেট দলত উমা ছেত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে উমা ছেত্ৰীয়ে। অহা ১৯ জুলাইৰ পৰা শ্ৰীলংকাৰ ডাম্বুলাত টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে বি চি চি আইয়ে ঘোষণা কৰিলে ১৫ জনীয়া দলটো।

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত গঠিত দলটোত উমা ছেত্ৰীক উইকে টকীপাৰ বেটছমেন হিচাপে স্থান দিয়া হৈছে। উমাৰ উপৰিও ভাৰতীয় দলটোত উইকেট কীপাৰ বেটছমেন হিচাপে স্থান লাভ কৰিছে ৰিষা ঘোষে।

উল্লেখ্যে যে, ৬ জুলাই শনিবাৰে জিম্বাৱেত ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেল আত্মপ্ৰকাশ কৰাৰ সময়তে উমা ছেত্ৰীৰ এই ভাল খবৰ আহিছিল। ইতিমধ্যে ভাৰতীয় মহিলা ক্ৰিকেট দলটোত স্থান লাভ কৰি প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচনা কৰিছে উমা ছেত্ৰীয়ে।

বি চি চি আইয়ে ৬ জুলাই, শনিবাৰে এছিয়া কাপৰ বাবে ঘোষণা কৰা ১৫ জনীয়া দলটোত আছে হৰমনপ্ৰীত কৌৰ (অধিনায়িকা) স্মৃতি মান্ধানা (উপ-অধিনায়িকা), শ্বেফালী বাৰ্মা, জেমিমা ৰড্ৰিগোছ, ৰিষা ঘোষ(উইকেট কীপাৰ), উমা ছেত্ৰী (উইকেট কীপাৰ), পূজা ভাস্ত্ৰাকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেণুকা ঠাকুৰ, ডায়ালন হেমলথা, আশা শোভানা, ৰাধা যাদৱ, শ্ৰেয়াংকা পাতিল, সঞ্জনা সঞ্জীৱন।

ইয়াৰোপৰি ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে আছে শ্বেটা শ্বেৰাৱট, তনুজা কানৱেৰ, ছাইকা ইশ্বাক আৰু মেঘনা সিং। উল্লেখ্য, ১৯ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ দিনটোতে গ্ৰুপ পৰ্যায়ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। ইয়াৰ পিছত ২১ জুলাইত উই এ ই, ২৩ জুলাইত নেপালৰ বিৰুদ্ধে খেলিব।