ক্রীড়া-জগত

দলত স্থান পালেও ব’ৰ্ডৰ বাৰ্ষিক চুক্তিত স্থান পাবলৈ কি কৰিব লাগিব ৰিয়ান পৰাগহঁতৰ দৰে নৱাগতই, পঢ়ক সবিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভাৰতীয় জাতীয় ক্ৰিকেট দলত শেহতীয়াকৈ স্থান পাইছে কেইবাগৰাকী ক্ৰিকেটাৰে। ইয়াৰ ভিতৰত আছে অসম সন্তান ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, অভিষেক শৰ্মা, ছাই সুদৰ্শন আৰু তুষাৰ দেশপাণ্ডে।

পিছে এওলোকে দলত স্থান পালেও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাৰ্ষিক চুক্তিত অন্তৰ্ভূক্তি হ’বলৈ কৰিব লাগিব কেতবোৰ কাম। এ প্লাছ, এ, বি আৰু চি এই ৪টা শাখাত খেলুৱৈসকলৰ ব’ৰ্ডৰ বাৰ্ষিক চুক্তি সম্পন্ন কৰা হয়। শাখা অনুযায়ী খেলুৱৈসকলৰ বাৰ্ষিক পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰা হয়।

২০২৩-২০২৪ বৰ্ষৰ ব’ৰ্ডৰ বাৰ্ষিক চুক্তি অনুসৰি এ প্লাছ শাখাত বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহ এই ৪গৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে এ শাখাত আৰ অশ্বিন, মহম্মদ ছামী, মহম্মদ ছিৰাজ, কে এল ৰাহুল, শুভমন গীল আৰু হাৰ্ডিক পাণ্ডিয়া এই ৬গৰাকী ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰা হৈছে।

বি শাখাত আছে ৫ গৰাকী আৰু চি শাখাত ১৫ গৰাকী ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে প্ৰথমাৱস্থাত নৱাগত খেলুৱৈসকলক চি শাখাত ধৰিলেও একাধিক নিয়মৰ মাজেৰেহে চি শাখাত অন্তৰ্ভুক্ত কৰা হয়।

গতিকে ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, অভিষেক শৰ্মা, ছাই সুদৰ্শন আৰু তুষাৰ দেশপাণ্ডেৰ দৰে খেলুৱৈসকলৰ নাম ব’ৰ্ডৰ বাৰ্ষিক চুক্তি তালিকাৰ চি শাখাত এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ বাৰ্ষিক চুক্তিৰ প্ৰাৰম্ভিক চি শাখাত নাম অন্তৰ্ভুক্ত হ’বলৈ মূলতঃ তিনিটা চৰ্ত পূৰণ কৰিব লাগিব। সেই অনুসৰি প্ৰথম চৰ্ত হৈছে খেলুৱৈগৰাকী আন্তৰ্জাতিক পৰ্যায়ত অতি কমেও ৩খন টেষ্ট মেচ খেলিব লাগিব।

দ্বিতীয় চৰ্ত হৈছে খেলুৱৈগৰাকীয়ে অতিকমেও ৮ এদিনীয়া আন্তৰ্জাতিক মেচ খেলিব লাগিব। তৃতীয় চৰ্ত হৈছে খেলুৱৈগৰাকীয়ে অতি কমেও ১০খন আন্তৰ্জাতিক টি-২০ মেচ খেলিব লাগিব।

এই তিনিটা চৰ্ত পূৰণ কৰিব পাৰিলেহে এজন ক্ৰিকেটাৰে বি চি চি আইৰ বাৰ্ষিক চুক্তিৰ প্ৰাৰম্ভিক চি শাখাত নিজকে অন্তৰ্ভুক্ত কৰিব পাৰে। পৰৱৰ্তী সময়ত জ্যেষ্ঠতাৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দাঙি ধৰা প্ৰদৰ্শনৰ ভিত্তিত তেওঁলোকক পৰ্যাক্ৰমে উন্নীত কৰা হয়।