উজলিছে কটন কলেজিয়েট হাইস্কুল আৰু ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ... 
শিক্ষা-প্ৰযুক্তি

উজলিছে কটন কলেজিয়েট হাইস্কুল আৰু ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০ এপ্ৰিল, শনিবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ দুখন ঐতিহ্যমণ্ডিত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানৰ ফলাফলে বিশেষভাৱে চৰ্চা লাভ কৰিছে। ইয়াৰে এখন শিক্ষানুষ্ঠান ১৯০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ আৰু আনখন শিক্ষানুষ্ঠান ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি বিজড়িত।

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ বামুণিমৈদামস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰৰ পৰা এইবাৰ ১০ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াাৰে ৮ গৰাকী শিক্ষাৰ্থীয়েই সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।

এই শিক্ষানুষ্ঠানখন আন শিক্ষানুষ্ঠানতকৈ বহু ব্যতিক্ৰম। অতি দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়ন কৰে এই শিক্ষানুষ্ঠানখনত। শিক্ষানুষ্ঠানখনৰ সম্পূৰ্ণ ব্যয় বহন কৰে ওজা হেমচন্দ্ৰ বৰুৱা স্মৃতি ন্যাসৰ হৈ 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱাই।

সেইদৰে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়েও এইবাৰ ফলাফলত উজলি উঠিবলৈ সক্ষম হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ আধুনিক শিক্ষাৰ বাটকীয়া কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৭১ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

ইয়াৰে১৫৭ জনেই সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ পৰা ৬৩ জনে প্ৰথমস্থান, ৮১ জনে দ্বিতীয়স্থান আৰু ১৩ জনে তৃতীয়স্থান লাভ কৰিছে। মহানগৰীৰ মাজমজিয়াৰ এই দুই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ এই ফলাফলে স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াই আনিছে।