নগাঁও বিশ্ববিদ্যালয়ত পৰম্পৰাগত জ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন... 
শিক্ষা-প্ৰযুক্তি

নগাঁও বিশ্ববিদ্যালয়ত পৰম্পৰাগত জ্ঞান বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও: আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও বিশ্ববিদ্যালয়ত ''পৰম্পৰাগত জ্ঞান অন্বেষণঃঅতীত আৰু ভৱিষ্যতৰ সংযোগ'' (Exploring Traditional Knowledge: Bridging Past and Future) শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হয়। নগাঁও কলেজৰ গৱেষক ছাত্ৰী ভাৱনা দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে।

ড০ মজিন্দাৰে পৰম্পৰাগত জ্ঞানৰ গুৰুত্বৰ কথা উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ সকলোকে আদৰণি জনায়। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক তথা আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ আহ্বায়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই পূৰ্বৰ নগাঁও কলেজ এতিয়াৰ বিশ্ববিদ্যালয়ৰ চমু সমীক্ষা দাঙি ধৰি সন্মিলনখনৰ উদ্দেশ্য আৰু গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মদুল হাজৰিকাই উদ্বোধনী ভাষণ আগবঢ়ায়। ভাষণত তেওঁ ভাৰতীয় জ্ঞান পৰম্পৰাৰ বৈচিত্ৰ আৰু বৈবিধ্যৰ কথা অৱগত কৰে। আধুনিকতাৰ গ্ৰাসত কেনেদৰে ভাৰতীয় জ্ঞানৰ সমলসমূহ হেৰাই যোৱাৰ উপক্ৰম হৈছে সেই সম্পৰ্কে অৱগত কৰে।

ভাৰতীয় জ্ঞান পৰম্পৰাক আধাৰ হিচাপে লৈ কেনেদৰে আধুনিক বিজ্ঞান আগবাঢ়িব পাৰে, সেই সম্পৰ্কে ব্যক্ত কৰে। সন্মিলনখনে ভাৰতীয় জ্ঞান অন্বেষণ কৰাত সহায় কৰাৰ লগতে অতীত আৰু ভৱিষ্যতৰ জ্ঞানৰ মাজত সংযোগ স্থাপন কৰাত মাৰ্গ দৰ্শন কৰিব বুলি মন্তব্য কৰে।

আমেৰিকাৰ নৰ্থ দা কোটা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধ্যাপক অচিন্ত বেজবৰুৱাই পৰম্পৰাগত জ্ঞানত যোগাযোগৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেখেতে আহৰণ কৰা জ্ঞান ভৱিষ্যত প্ৰজ্ন্মলৈ প্ৰবাহিত কৰি সকলোকে ভাৰতীয় জ্ঞান পৰম্পৰাৰ অংশ হ’বলৈ আহ্বান জনায়।

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নাগপুৰ, মহাৰাষ্ট্ৰৰ ‘ৰিচাৰ্চ ফৰ ৰিজাজেন্স ফাউণ্ডেশ্যন’ৰ সঞ্চালক ড০ ভুজঙ্গ ববাদে ভাৰতীয় জ্ঞান পৰম্পৰাৰ বৈচিত্ৰ্যৰ কথা অৱগত কৰে। তেওঁ ভাৰতীয় জ্ঞানৰ নথিভুক্তকৰণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি অতীতক বৰ্তমানৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আহ্বান জনায়।

প্ৰসঙ্গক্ৰমে তেওঁ পুৰণি পুথি তথা সাঁচিপতীয়া পুথিৰ নথিভুক্তকৰণৰ কথা উল্লেখ কৰে। ড০ বাবাদেৰ ভাষণৰ পিছতেই সন্মিলনখনৰ অনলাইন সাৰাংশ গ্ৰন্থ অনলাইন মঞ্চ জেনেডোত উন্মোচন কৰা হয়।

উল্লেখ্য যে এই সন্মিলনখনেই অসম তথা উত্তৰ-পূবৰ প্ৰথম সন্মিলন য’ত ‘জেনেডো’ মঞ্চত আলোচনা পত্ৰ প্ৰকাশিত হৈছে। জেনেডো হৈছে এনে এক অনলাইন মঞ্চ য’ত গৱেষকসকলে ডি.অ.আই নম্বৰেৰে গৱেষণা পত্ৰ প্ৰকাশ কৰিব পাৰে। এই প্ৰক্ৰিয়াটোত সহায় কৰিছে নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানী জগন্নাথ বিশ্বকৰ্মাই।

ড০ বিশ্বকৰ্মাই উদ্বোধনী ভাষণৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ গুৰুত্বৰ কথা অৱগত কৰে। উত্তৰ-পূব-পাৰ্বত্য বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তথা উত্তৰ-পূবৰ ভাৰতীয় জ্ঞান পৰম্পৰাৰ গৱেষক অমৰেণ্ড্ৰ কুমাৰ ঠাকুৰে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ঐতিহাসিক দৃষ্টিভঙ্গীৰে ভাৰতীয় জ্ঞান পৰম্পৰা সম্পৰ্কে আলোকপাত কৰে।

তেওঁ পৰম্পৰাগত ঔষধ, ডাকৰ বচন, লোক ঔষধ, ভাৰতৰ স্থাপত্য-ভাস্কৰ্য্য আদি উদাহৰণেৰে ভাৰতীয় জ্ঞান পৰম্পৰাৰ ঐতিহ্য দাঙি ধৰে। আজি প্ৰথমদিনা ৫টা কাৰিকৰে সত্ৰৰে সন্মিলনখনৰ অন্ত পৰে। কাৰিকৰী সত্ৰসমূহত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে অচিন্ত নয়ন বেজবৰুৱা, জগন্নাথ বিশ্বকৰ্মা আৰু ভুজঙ্গ বোবাড়ে।

আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে ৱেচটাৰ্ণ চিডনী বিশ্ববিদ্যালয়ৰ বিজ্ঞানী দীপজ্যোতি ভূঞা, তেজপুৰ বিশ্ববিদ্যালয়ৰ আই পি আৰ কোষৰ গৱেষণা বিষয়া ড০ জুৰি বৰবৰা, ইটানগৰস্থিত চি.এচ.আই.আৰ, নিষ্টৰ (CSIR NEIST) ৰ মুখ্য বিজ্ঞানী ড০ চন্দন তামুলী আৰু গুৱাহাটী বিশ্ববিদ্যায়ৰ অধ্যাপক মানস দাসে।

সত্ৰকেইটাত সঞ্চালনা কৰে ক্ৰমে ভূজঙ্গ ববাৰে, নগাঁও বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শৰৎ বৰকটকী আৰু অসম চৰকাৰৰ ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়নৰ সঞ্চালকালয়ৰ ভাৰপ্ৰাপ্ত সঞ্চালক ড০ সংগীতা গগৈয়ে।সন্মিলনখনৰ শেষত নগাঁও বিশ্ববিদ্যালয়ৰ শৈক্ষিক সচিব ড০ ফাৰিস্তা য়াচমিনে সকলোকে উদ্দেশ্যি শলাগৰ শৰাই আগবঢ়ায়।