জাগীৰোড মহাবিদ্যালয়ত আন্তৰ্জাতিক আলোচনা চক্ৰঃ গৱেষণা পত্ৰ আহ্বান... 
শিক্ষা-প্ৰযুক্তি

জাগীৰোড মহাবিদ্যালয়ত আন্তৰ্জাতিক আলোচনা চক্ৰঃ গৱেষণা পত্ৰ আহ্বান...

"বিকশিত ভাৰত @ ২০৪৭ -যুৱ কন্ঠ: যুৱ সবলীকৰণৰ জৰিয়তে ভাৰতৰ ৰূপান্তৰ" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ মায়ং: ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা A+ গ্ৰেড প্ৰাপ্ত অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান জাগীৰোড মহাবিদ্যালয়ৰ উদ্যোগত "বিকশিত ভাৰত @ ২০৪৭ -যুৱ কন্ঠ: যুৱ সবলীকৰণৰ জৰিয়তে ভাৰতৰ ৰূপান্তৰ" বিষয়ক এক গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সন্মিলন অহা নৱেম্বৰ মাহৰ ২৮ আৰু ২৯ তাৰিখ বৃহস্পতি আৰু শুকুৰবাৰে আয়োজন কৰা হৈছে। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ অধীনৰ গৱেষণা আৰু উদ্ভাৱন কোষৰ উদ্যোগত আয়োজন কৰা এই দুদিনীয়া সন্মিলনৰ সমূহ কাৰ্যসূচীৰ সফল পৰিচালনা নিশ্চিত কৰিবলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগে যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে মহাবিদ্যালয়ত এক যৌথ কৰ্মচাৰী সভাৰ আয়োজন কৰে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে অধ্যক্ষই জনাইছে যে, ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদ (আই.চি.এছ.আৰ)ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনত আমেৰিকা, শ্ৰীলংকাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। এই দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে দেশৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যাপক -অধ্যাপিকা, তথা গৱেষক ছাত্ৰ-ছাত্ৰীৰ পৰা গৱেষণা পত্ৰৰ সৈতে ব্যাপক অংশগ্ৰহণৰ বাবে অধ্যক্ষ ড০ নেওগে আহ্বান জনাইছে।

এই দুই দিনত চাৰিটা সমান্তৰাল কাৰিকৰী অধিবেশন সত্ৰ আৰু এটা পোষ্টাৰ উপস্থাপন সত্ৰৰ পৰিকল্পনা কৰা হৈছে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা আৰু মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ক্ৰমে মুখ্য পৃষ্ঠপোষক আৰু পৃষ্ঠপোষক তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি ড০ পুনিৰাম পাতৰ আয়োজক সমিতিৰ সভাপতি হিচাপে উপস্থিত থাকিবলগীয়া দুদিনীয়া অধিবেশনৰ জৰিয়তে মহাবিদ্যালয়খনে অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ সংশ্লিষ্ট সকলো অংশীদাৰৰ সক্ৰিয় সহযোগিতাৰ বাবে সবিনয়ে আহ্বান জনাইছে।

সন্মিলনত ফলপ্ৰসূ শৈক্ষিক আদান-প্ৰদানৰ জড়িয়তে বিদ্বৎ সকলৰ পৰা আয়োজক সমিতিয়ে আশা কৰিছে যাতে ২০৪৭ চনত বিকশিত ভাৰতৰ ওপৰত দেশৰ আকাংক্ষিত সপোনৰ বাবে এক নিৰ্দিষ্ট পথ নিৰ্দেশনাত উপনীত হ'ব পৰা যায়।