শিক্ষা-প্ৰযুক্তি

ইলেকশ্যনৰ পাছতেই বাঢ়িব মোবাইল ৰিচাৰ্জৰ মূল্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পাছতে দেশৰ কোটি কোটি লোকৰ মূৰত পৰিব ৰামটাঙোন। মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰে নিৰ্বাচনৰ পাছতে বৃদ্ধি কৰিব ৰিচাৰ্জৰ নিৰিখ। ইতিমধ্যে মোবাইল সেৱা প্ৰতিষ্ঠানবোৰে এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দুৰসংযোগ উদ্যোগত শুল্কৰ পৰিমাণ ১৫-১৭শতাংশ বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে এই শুল্কৰ পৰিমাণ বৃদ্ধি কৰা হব। এইখিনিতে উল্লেখ কৰিবই লাগিব যে, দূৰসংযোগ ক্ষেত্ৰখনত বিগত বহুদিন ধৰি শুল্কৰ পৰিমাণ বৃদ্ধি হোৱা নাই। শেষবাৰৰ বাবে ২০২১ত ২০শতাংশ শুল্ক বৃদ্ধি কৰা হৈছিল।

প্ৰায় ৩বছৰৰ বিৰতিৰ মূৰত পুনৰ দূৰসংযোগ উদ্যোগত শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। যদিহে অনুমান কৰা মতে ১৭শতাংশ শুল্ক বৃদ্ধি কৰা হয়, তেনেহলে এগৰাকী উপভোক্তাই পূৰ্বৰ ৩০০টকাৰ ৰিচাৰ্জ পেক হবগৈ ৩৫১টকা।