SEBA আৰু AHSEC চূড়ান্তকৰণ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত... 
শিক্ষা-প্ৰযুক্তি

SEBA আৰু AHSEC চূড়ান্তকৰণ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই ৰাজ্যৰ দুই অগ্ৰণী শৈক্ষিক অনুষ্ঠান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাক একত্ৰীকৰণ কৰাৰ কাম আগবাঢ়িছে। ইতিমধ্যে এই দুই সংস্থাক একত্ৰীকৰণ সন্দৰ্ভত গঠন কৰা কমিটীয়ে প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে।

এই সন্দৰ্ভত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে, ''ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক সংসদৰ একত্ৰীকৰণ চূড়়ান্ত কৰা হৈছে। দুই সংস্থা একত্ৰীকৰণৰ পাছত এটা মডেলিটী প্ৰস্তুতি কৰিবলৈ গঠন কৰা হৈছে এখন কমিটী। দুই এদিনতে এই কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব। এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব।

ইফালে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত ডাঃ পেগুৱে কয়, ''সকলো বিশ্ববিদ্যালয়ৰে আন্তঃগাঁথনি নিৰ্মাণৰত আছে। আমি যিখিনি বিশ্ববিদ্যালয় নতুনকৈ স্থাপন কৰিছো প্ৰত্যেককে ৫০ কোটিকৈ টকা ঘোষণা কৰিছোঁ। এই ৫০ কোটি টকাৰ কাম বৰ্তমান চলি আছে।''

তেওঁ কয়, ''যিকেইখ বিশ্ববিদ্যালয়ক মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে সেইসমূহকো ১০ কোটিকৈ টকা আৱণ্টন দিয়া হৈছে। বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰখনে যথেষ্টখিনি কৰিছে।''

ইফালে একাধিক সমস্যাৰ সন্মুখীন হৈ প্ৰায়ে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা ৰাজ্যৰ শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো শিক্ষা বিভাগ তথা অসম চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰিছে।

ডাঃ পেগুৱে কয়, শিক্ষকৰ সমস্যা আন্দোলনৰ পৰিবৰ্তে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ আমিইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আছো।