ছেবাৰ মহিমাঃ চৰকাৰী বন্ধৰ দিনত মেট্ৰিক পৰীক্ষা, পুনৰ নতুন সূচী ঘোষণা... 
শিক্ষা-প্ৰযুক্তি

ছেবাৰ মহিমাঃ চৰকাৰী বন্ধৰ দিনত মেট্ৰিক পৰীক্ষা, পুনৰ নতুন সূচী ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কৈ থাকিলে শেষ নহয় ছেবাৰ কথা। প্ৰশ্ন কাকত বিসংগতি, প্ৰশ্ন কাকত ফাদিল, পৰীক্ষাৰ উত্তৰ বহী গৰুৱে খোৱাকে ধৰি অনেক ইতিহাসেৰে পৰিপূৰ্ণ ছেবাৰ বিষয়া, কৰ্মচাৰীয়ে যেন পাহৰিব নোৱাৰে সেই ইতিহাস।

নকৰিবলগীয়া কিবা এটা কৰি চৰ্চাত থাকিবলৈকে হওক বা পৰিকল্পিতভাৱে ছেবাক হত্যা কৰাৰ ষড়যন্ত্ৰতেই হওক বাৰে বাৰে বিতৰ্কৰ সূত্ৰপাত কৰে ছেবাই ! শেহতীয়াকৈ ছেবাই প্ৰকাশ কৰা মেট্ৰিক পৰীক্ষাৰ সূচীক লৈ এইবাৰ সৃষ্টি হৈছে বিতৰ্ক।

এইবাৰ ছেবাই বন্ধৰ দিনটো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সূচী। উল্লেখ্য যে, বিগত অক্টোবৰ মাহতে ছেবাই জাৰি কৰিছিল ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী। এই সময়সূচী তৈয়াৰ কৰাৰ ক্ষেত্ৰত চৰম দায়িত্বহীনতাৰ পৰিচয় দিলে ছেবাই।

কিয়নো পৰীক্ষাৰ বাবে নিৰ্ধাৰিত ৩ টাকৈ দিনত আছে চৰকাৰী বন্ধ। সূচী অনুসৰী ২০ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হৈছিল সমাজ বিজ্ঞানৰ পৰীক্ষা। চৰকাৰী বন্ধ তালিকা অনুসৰি এই দিনটোত আছে কাৰ্বি জনগোষ্ঠীৰ উৎসৱ কাৰ্বি ডেহাল কাছিৰ ডম।

এই দিনটো অসম চৰকাৰে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছে। ঠিক সেইদৰে ২৬ ফেব্ৰুৱাৰীত আছে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। এই দিনটোও অসম চৰকাৰৰ ৰেষ্ট্ৰিক্টেড হলিডে।

এই বিষয়ে কোনো চিন্তা চৰ্চা নকৰাকৈয়ে সূচী প্ৰকাশ কৰা ছেবাৰ সম্বিত ঘূৰি আহিল শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে। ফলশ্ৰুতিত এই সূচী পুনৰ সলনি কৰিবলৈ বাধ্য হৈছে ছেবাই।

নতুন সূচী অনুসৰি ২০ ফেব্ৰুৱাৰীৰ সমাজ বিজ্ঞান পৰীক্ষা ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। আনহাতে ২৬ ফেব্ৰুৱাৰীৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। ২৭ ফেব্ৰুৱাৰীৰ ৯ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ঐচ্ছিক বিষয়ৰ পৰীক্ষাসমূহ একেটা দিনতে ১-৩০ বজাৰ পৰা ৪-৩০ বজালৈ অনুষ্ঠিত হ'ব।