ভাৰতৰ সন্মুখত ২৭৩ ৰাণৰ লক্ষ্যঃ আফগানিস্তানৰ দৰ্শনীয় প্ৰদৰ্শন... 
বিশ্বকাপ, ২০২৩

ভাৰতৰ সন্মুখত ২৭৩ ৰাণৰ লক্ষ্যঃ আফগানিস্তানৰ দৰ্শনীয় প্ৰদৰ্শন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট বিশ্বকাপ-২০২৩ৰ বুধবাৰৰ মেচত ভাৰত আৰু আফগানিস্তান মুখামুখী হৈছে। মেচখনত প্ৰথমে বেটিং কৰি আফগান দলটোৱে ২৭৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।

নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত খেলা মেচখনত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই দলটোৱে সংগ্ৰহ কৰে ২৭২ ৰাণ। দলটোৰ হৈ অধিনায়ক হাছমাতুল্লাই সৰ্বাধিক ৮০ ৰাণ সংগ্ৰহ কৰে।

তেওঁ মুঠ ৮৮ টা বলত ৮ টা ছাৰি আৰু এটা ছয় কোবাই নিজৰ অৰ্ধশতকীয় ইনিংছ সজায়। ইয়াৰোপৰি দলটোৰ আন এগৰাকী বেটছমেন আজমাতুল্লাই ৬২ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে।

বিপৰীতে ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে সৰ্বাধিক ৪ টা উইকেট সংগ্ৰহ কৰাৰ লগতে হাৰ্দিক পাণ্ডিয়াই ২ টা আৰু কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰে এটাকৈ উইকেট দখল কৰে।

ভাৰতীয় দলটোৱে আজি ৰবিচন্দ্ৰন আশ্বিনক মূল একাদশৰ পৰা বাদ দি তেওঁৰ স্থানত শাৰ্দুল ঠাকুৰক দলত অন্তৰ্ভুক্ত কৰিছে। তেওঁ ৬ অভাৰত ৩১ ৰাণ ব্যয় কৰি এটা উইকেট দখল কৰিলে।

ইফালে শুভমণ গিলৰ অনুপস্থিতিত আজিৰ মেচত পুনৰ ৰোহিত শৰ্মাৰ সৈতে ঈশান কিষাণে অপেনিং কৰিব।