খালী ষ্টেডিয়াম ! শেষ হোৱা মেচৰ টিকত আকৌ বিক্ৰীৰ বাবে মুকলি বি চি চি আইৰ... 
বিশ্বকাপ, ২০২৩

খালী ষ্টেডিয়াম ! শেষ হোৱা মেচৰ টিকত আকৌ বিক্ৰীৰ বাবে মুকলি বি চি চি আইৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ মেচৰ বাবে টিকট ক্ৰয় কৰিবলৈ চেষ্টা কৰিও বিফল হৈছিল হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগী। ব’ৰ্ডৰ ফালৰ পৰা জনোৱা হৈছিল শেষ হৈছে বিশ্বকাপ মেচৰ টিকত। কিন্তু তাৰ পাছতো বিশ্বকাপৰ মেচৰ গেলাৰীত খালী হৈ আছে হাজাৰ হাজাৰ আসন।

আনহে নালাগে ভাৰতৰ মেচতেই হাজাৰ হাজাৰ খালী আসনে ম্লান কৰিছে বিশ্বকাপৰ মেচ অনুষ্ঠিত হোৱা ষ্টেডিয়ামৰ সৌন্দৰ্যক। তাৰ মাজতে বি চি চি আইয়ে পুনৰ  ভাৰতৰ দুখন মেচৰ বাবে টিকট মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে।

১৪ অক্টোবৰত আহমেদাবাদত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ লগতে ১৯ অক্টোবৰত ভাৰত আৰু বাংলাদেশৰ মেচৰ টিকত বিক্ৰীৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বুধবাৰে নিশা ৮ বজাৰ পৰা এই মেচসমূহৰ টিকত মুকলি কৰা হ'ব।

অনলাইন মাধ্যমেৰে দৰ্শকে এই টিকত ক্ৰয় কৰিব পাৰিব। অৱশ্যে এই দুয়োখন মেচৰ বাবে কিমান টিকত মুকলি কৰি দিব সেই কথা ঘোষণা কৰা নাই বি চি চি আইয়ে। আহমেদাবাদৰ ভাৰত-পাকিস্তানৰ মেচৰ টিকত বিক্ৰীৰ কথা দুদিন পূৰ্বেও ঘোষণা কৰিছিল।

সেইবাৰ ১৪ হাজাৰ টিকত বিক্ৰীৰ কথা ঘোষণা কৰিছিল ব'ৰ্ডে। তাৰ পাছত বুধবাৰে নিশা পুনৰ এই মেচখনৰ বাবে টিকত মুকলি কৰিব ব'ৰ্ডে। বি চি চি আইৰ এই ঘোষণাৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইমান দিনে এই মেচৰ সকলো টিকত বিক্ৰী হোৱা নাছিল নেকি?

নে ইচ্ছাকৃতভাৱে ব'ৰ্ডে এই মেচৰ টিকত পূৰ্বে সম্পূৰ্ণকৈ বিক্ৰী কৰা নাছিল? বিশ্বকাপৰ ভাৰতৰ মেচৰ টিকত বিক্ৰী আৰম্ভ হওঁতেই ব'ৰ্ডে জনাইছিল ভাৰতৰ মেচসমূহৰ টিকত লগে লগে শেষ হৈছে। অনেক দৰ্শকে বহু চেষ্টা কৰিও টিকত সংগ্ৰহ কৰিব নোৱাৰিলে।

তেওঁলোকে বিভিন্ন মাধ্যমেৰে নিজৰ হতাশাৰ কথা প্ৰকাশ কৰিছিল। কিন্তু তাৰ পাছতো চেন্নাইত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ মেচত প্ৰায় ছাৰে ছয় হাজাৰ আসন খালী হৈ আছিল।

সেয়ে প্ৰশ্ন উত্থাপন হৈছে সকলো টিকত বিক্ৰী হ'লে কিদৰে ইমান বৃহৎ সংখ্যক আসন খালী হৈ থাকিব? পূৰ্বে বি চি চি আইয়ে যিহেতু ভাৰতৰ সকলো মেচৰ টিকত শেষ হোৱা বুলি প্ৰকাশ কৰিছিল গতিকে পুনৰ দুখন মেচৰ বাবে কিদৰে টিকত মুকলি কৰিছে?

ইয়াৰৰ আঁৰত প্ৰকৃততে কি ৰহস্য লুকাই আছে? ভাৰত-পাকিস্তানৰ মেচৰ মাত্ৰ দুদিন পূৰ্বে পুনৰ টিকত মুকলি কৰি দিয়াৰ বাবে এতিয়া ইচ্ছা থাকিলেও দেশৰ আন প্ৰান্তৰ বহু দৰ্শকে এই মেচ উপভোগ কৰিব নোৱাৰিব।