কি আছিল সেই দৃশ্য, যি দৃশ্য দেখি শিখৰ ধাৱানে ক'লে- Pakistan & fielding never ending love story 
বিশ্বকাপ, ২০২৩

কি আছিল সেই দৃশ্য, যি দৃশ্য দেখি শিখৰ ধাৱানে ক'লে- Pakistan & fielding never ending love story

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটত পাকিস্তানৰ পৰা বহু কেইগৰাকী মহান ক্ৰিকেটাৰৰ জন্ম হৈছে। পাকিস্তানৰ বহু কেইজন বিধ্বংসী বেটছমেন আৰু বেগী বলাৰে তেওঁলোকৰ অনবদ্য প্ৰদৰ্শনেৰে বিশ্ব ক্ৰিকেটত পাকিস্তানক এক সুকীয়া স্থানলৈ লৈ গৈছে।

কিন্তু তাৰ পাছতো পাকিস্তান ক্ৰিকেট দলটো প্ৰায়ে হাঁহিয়াতৰ পাত্ৰ হৈ আহিছে। ব্যতিক্ৰম নহ’ল এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি মেচৰ সময়ছোৱাতো। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰস্তুতি মেচত পাকিস্তানৰ ফিল্ডিংক লৈ এতিয়া বিশ্ব ক্ৰিকেটৰ বহু মহান ক্ৰিকেটাৰে তেওঁলোকক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে।

পাকিস্তান ক্ৰিকেট দলটোৰ ফিল্ডিং কেতিয়াও উন্নত নাছিল। ফিল্ডিঙত দলটো এতিয়াও বৰ কেঁচা। এই ফিল্ডিঙৰ বাবেই দলটো বাৰে বাৰে ট্ৰ'লৰ সন্মুখীন হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰস্তুতি মেচত দলটোৱে খেল পথাৰত যি ধৰণে ফিল্ডিং কৰিলে সেই ফিল্ডিঙেও এতিয়া সকলোকে হাঁহিবলৈ সুযোগ দিছে।

বাদ পৰি থকা নাই ভাৰতৰ বাওঁহতীয়া বেটছমেন শিখৰ ধাৱানো। তেওঁ দলটোক সামাজিক মাধ্যমত ট্ৰ’লৰ লক্ষ্য কৰি লৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা প্ৰস্তুতি মেচখনত মহম্মদ ৱাছিম আৰু মহম্মদ নাৱাজে এটা সাধাৰণ বল ধৰিবলৈ নোৱাৰা এই দৃশ্যই এতিয়া সকলোকে আমোদ দিছে।

শিখৰ ধাৱানে এই দুই পাক ফিল্ডাৰৰ এনে ফিল্ডিং দেখি সামাজিত মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি লিখিলে-Pakistan & fielding never ending love story।  

উল্লেখ্যে যে, এই পৰ্যন্ত পাকিস্তানে দুখন প্ৰস্তুতি মেচ খেলিছে আৰু এই দুইখনতে পৰাস্ত হৈছে। অৱশ্যে এই দুয়োখন মেচত পৰাস্ত হ’লেও দলটোৰ কোনো ক্ষতি নহয়। যিহেতু বিশ্বকাপ মেচ বেলেগ আৰু প্ৰস্তুতি মেচ সম্পূৰ্ণ বেলেগ। ক্ৰিকেট বিশেষজ্ঞৰ মতে এইবাৰ বিশ্বকাপৰ ভাৰতৰ লগতে পাকিস্তানো অন্যতম দাবীদাৰ।