১১ অক্টোবৰৰ মেচতো নাথাকিব শুভমণ গিল... 
বিশ্বকাপ, ২০২৩

১১ অক্টোবৰৰ মেচতো নাথাকিব শুভমণ গিল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডেংগুত আক্ৰান্ত হোৱা শুভমণ গিল এতিয়াও শুস্থ হৈ উঠা নাই। ১১ অক্টোবৰত দিল্লীত অনুষ্ঠিত হ'বলগীয়া ভাৰত-আফগানিস্তানৰ মাজৰ মেচখনত সেয়ে দেখা পোৱা নাযাব প্ৰতিভাৱান অপেনাৰগৰাকীক।

৮ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা মেচখনৰ পাছত টিম ইণ্ডিয়াই চেন্নাইৰ পৰা দিল্লীলৈ যাত্ৰা কৰিছে। কিন্তু চেন্নাইত অনুশীলন কৰি থকাৰ সময়তে ডেংগুত আক্ৰান্ত হোৱা গিলে দিল্লী অভিমুখী ভাৰতীয় দলত যোগদান কৰা নাই।

তেওঁ চেন্নাইতে চিকিৎসকৰ তত্বাৱধানত আছে। এই সন্দৰ্ভত বি চি চি আইয়ে এক বিবৃতি জাৰি কৰিছে। বি চি চি আইৰ সচিব জয় শ্বাহৰ স্বাক্ষৰিত এই বিবৃতিত কোৱা হৈছে- ''ভাৰতীয় দলৰ বেটাৰ শুভমণ গিলে ৯ অক্টোবৰত দলৰ সৈতে দিল্লীলৈ যাত্ৰা নকৰে। চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আই চি চি ক্ৰিকেট বিশ্বকাপ খেলৰ পৰা বঞ্চিত হোৱা অপেনিং বেটাৰগৰাকীয়ে আফগানিস্তানৰ বিৰুদ্ধে পৰৱৰ্তী মেচখনো মিছ কৰিব। তেওঁ চেন্নাইতে চিকিৎসকৰ তত্বাৱধানত থাকিব।''

ইফালে শুভমণ গিলৰ অনুপস্থিতিত ৰোহিত শৰ্মাৰ সৈতে ঈশান কিষাণে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইনিংছ মুকলি কৰিছিল যদিও দুয়োগৰাকী শূন্যতে আউট হয়। চতুৰ্থস্থানত বেটিং কৰিবলৈ আহি শ্ৰেয়াস আয়াৰো ব্যৰ্থ হয়।

তিনি নং স্থানত বিৰাট কোহলি আৰু পঞ্চম স্থানত কে এল ৰাহুলে খেলি ভাৰতীয় দলক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে। যিহেতু মিডল অৰ্ডাৰত কে এল ৰাহুলে ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে সেয়ে পুনৰ আফগানিস্তানৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ সৈতে ঈশান কিষাণেই ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে।