দালাই লামাক সাক্ষাৎ নিউজিলেণ্ড ক্ৰিকেট দলৰ... 
বিশ্বকাপ, ২০২৩

দালাই লামাক সাক্ষাৎ নিউজিলেণ্ড ক্ৰিকেট দলৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ মাজতে আজি নিউজিলেণ্ড ক্ৰিকেট দলটোৱে বৌদ্ধ ধৰ্মীয় গুৰু দালাই লামাক সাক্ষাৎ কৰিছে। মঙ্গলবাৰে দলটোৰ সদস্যসকলে বৌদ্ধ মন্দিৰ মেকল’ডগঞ্জত উপস্থিত হৈ বৌদ্ধ ধৰ্মীয়গুৰুজনক সাক্ষাৎ কৰিছে।

ইয়াৰ পাছতে দলটোৱে ধৰ্মকোট, নাড্ডি আৰু ভাগচুনাগ ভ্ৰমণ কৰিব। মঙ্গলবাৰে দিনটোত দলটোৰ অনুশীলনৰ কোনো সূচনী নথকাৰ বাবে খেলুৱৈসকলে ধৰ্মশালা চহৰ ফুৰাৰ পৰিকল্পনা কৰিছে।

সেয়েহে সোমবাৰে নিশা দলটোৰ একাংশ খেলুৱৈ পৰিয়ালৰ সৈতে পালামপুৰলে গৈ তাৰে এখন হোটেলত নিশাৰ আহাৰ গ্ৰহণ কৰে। ভাৰতীয় ক্ৰিকেট দলটোৰে ৰবীন্দ্ৰ জাডেজা, শুভমণ গিল, কুলদীপ যাদৱো ধৰ্মশালা চহৰ ফুৰিবলৈ যায়।

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক বিজয়ৰ পাছতে ধৰ্মশালাত কেন্দ্ৰীয় খেলমন্ত্ৰী অনুৰাগ ঠাকুৰ, আই পি এলৰ অধ্যক্ষ অৰুণ ধোমাল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড আৰু হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাই ভাৰতীয় দলটোৰ বাবে বিশেষ ডিনাৰৰ ব্যৱস্থা কৰাৰ লগতে সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰো ব্যৱস্থা কৰিছে।