বিশ্বকাপ, ২০২৩

মহাৰণৰ পূৰ্বে ফিল্ডিং শক্তিশালী কৰাৰ লক্ষ্য পাকিস্তানৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : কিছু সময় পাছত‌ই আৰম্ভ হʼব লগীয়া ক্ৰিকেটৰ মহাৰণৰ পূৰ্বে ফিল্ডিঙত বিশেষ গুৰুত্ব আৰোপ পাকিস্তানী ক্ৰিকেটা দলৰ । ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা মেচত অষ্ট্ৰেলিয়াৰ শোচনীয় ফিল্ডিঙেই পৰাজয়ৰ অন্যতম কাৰণ হৈ পৰাৰ পাছৰে পৰাই ফিল্ডিঙত বিশেষ প্ৰস্তুতি পাকিস্তানৰ।

কেৱল সেয়াই নহয়, ভাৰত-অষ্ট্ৰেলিয়াৰ মেচত বিৰাট কোহলিৰ কেচ ড্ৰ'প কৰিয়েই একপ্ৰকাৰ পৰাজয় বৰণ কৰিব লগীয়া হৈছিল অষ্ট্ৰেলিয়াই । সেই ঘটনাৰ পুনৰাবৃত্তি নিশ্চয়কৈ ঘটাব নিবিচাৰে পাকিস্তানে । ইতিমধ্যেই যোৱা নিশাৰে পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফ্লাড লাইটৰ পোহৰতেই ফিল্ডিঙৰ অনুশীলন আৰম্ভ কৰিছে দলটোৱে ।

অৱশ্যে, পাকিস্তান দলৰো ফিল্ডিঙত একেই কুখ্যাতি । ইয়াৰ পূৰ্বেও বহু সহজ কেচ মিচ কৰাৰ উদাহৰণ আছে দলটোৰ । তেনেস্থলত কোনোপধ্যেই কেচ মিচ কৰি অথবা অতিৰিক্ত ৰান উপহাৰ দি ভাৰতক মেছ জয়ৰ দিশে ঠেলি দিব নোখোজে দলটিয়ে ।

উল্লেখ্য যে, যোৱা নিশাৰ অনুশীলনত কেৱল তিনিজন বেটছমেনে নেটত অনুশীলন কৰাৰ বিপৰীতে আন সকলোৱে কেৱল ফিল্ডিঙৰ অনুশীলন কৰা হে পৰিলক্ষিত হয় । আনহাতে, ভাৰতীয় দলত ইতিমধ্যেই আছে বহু কেইগৰাকী উন্নত মানৰ ফিল্ডাৰ। কোহলি - যাদেজাৰ উপৰিও শেহতীয়াকৈ ৰোহিত শৰ্মাই, কে এল ৰাহুলৰ ফিল্ডিং যথেষ্ট পৰিমাণে উন্নত হৈছে । তেনেস্থলত, আজিৰ মেচত দুয়োটা দলেই এক উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিব বুলি আশাত বন্দী অনুৰাগীসকল ।