খেল পথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰোহিতৰ আন এক অভিলেখ... 
বিশ্বকাপ, ২০২৩

খেল পথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰোহিতৰ আন এক অভিলেখ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই ক্ৰীজত নামিয়েই ৰুদ্ৰ ৰূপ ধাৰণ কৰে।

প্ৰথমৰে পৰা আক্ৰমণাত্মক ৰূপ ধাৰণ কৰো ৰোহিতে মাত্ৰ ২৯ টা বলতে ৪৭ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলে। ৰোহিতে ৪ টা অভাৰ বাউণ্ডেৰী আৰু সম সংখ্যক বাউণ্ডেৰী কোবাই এই ৰাণ সংগ্ৰহ কৰিছে।

মেচখনত ৰোহিত ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰি বিশ্বকাপত সৰ্বাধিক ছিক্স কোবোৱা ক্ৰিকেটাৰলৈ পৰিণত হৈছে। তেওঁ এখন বিশ্বকাপতে ৫১ টা ছিক্স কোবাই নতুন অভিলেখ গঢ়িছে।

মেচখনত বৰ্তমানলৈকে শুভমণ গিলে ২১ বলত ২১ ৰাণ সংগ্ৰহ কৰিছে।