দক্ষিণ অফ্ৰিকাৰ হাতত দিশহাৰা নিউজিলেণ্ডঃ জটিল হৈ পৰিছে পাকিস্তানৰ অংক... 
বিশ্বকাপ, ২০২৩

দক্ষিণ অফ্ৰিকাৰ হাতত দিশহাৰা নিউজিলেণ্ডঃ জটিল হৈ পৰিছে পাকিস্তানৰ অংক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে বিশ্বকাপৰ ৩২ সংখ্যক মেচত দক্ষিণ আফ্ৰিকাৰ হাতত বিধ্বস্ত হ'ল নিউজিলেণ্ড। ১৯০ ৰাণৰ বৃহত ব্যৱধানত পৰাস্ত হয় বিগত বৰ্ষৰ ৰাণাৰ্ছআপ দলটো।

মেচখনত প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ৩৫৭ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে খেল পথাৰত নামি মাত্ৰ ৩৫.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৬৭ ৰাণহে সংগ্ৰহ কৰে।

মেচখনত দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি কুকে ১১৬ বলত ১১৪, ৰাছি ভান ডাৰ ডুচেনে ১১৮ বলত ১৩৩ ৰাণ সংগ্ৰহ কৰে। ইয়াৰোপৰি ডেভিড মিলাৰৰ বেটৰ পৰা আহে ৫৩ ৰাণ।

নিউজিলেণ্ডক গ্লেন ফ্লিপছে ৬০ ৰাণ কৰাৰ বিপৰীতে আটাইকেইজন বেটছমেন বিফল হয়। দলটোৰ এনে বিপৰ্যয়ৰ মূলতে দক্ষিণ আফ্ৰিকা দলটোৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিং। দলটোৰ হৈ কেশৱ মহাৰাজে ৪ টা, মাৰ্কো জেনছনে ৩ টা, গেৰাল্ড কোয়েটজিয়ে ২ টা আৰু কাগিছ ৰাবাডাই এটা উইকেট দখল কৰে।

এই পৰাজয়ৰ লগে লগে নিউজিলেণ্ড পইণ্ট টেবুলৰ চতুৰ্থস্থানলৈ অৱনমিত হৈছে। দলটোৱে ৭ খন মেচ খেলি ৮ পইণ্ট অৰ্জন কৰিছে। অষ্ট্ৰেলিয়াও ৮ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে। দলটোৰ ৰাণ ৰেট অধিক হোৱাৰ বাবেই তৃতীয় স্থান লাভ কৰিছে।

ইফালে ভাৰত ৬ খন মেচৰ ৬ খনতেই জয় লাভ কৰিছে যদিও পইণ্ট টেবুলৰ দ্বিতীয় স্থানতহে আছে। প্ৰথম স্থানত আছে দক্ষিণ আফ্ৰিকা দলটোৱে ৭ খন মেচৰ ৬ খনত জয় লাভ কৰি ১২ পইণ্ট অৰ্জন কৰিছে যদিও ৰাণ ৰেট ভাৰততকৈ অধিক বাবেই প্ৰথম স্থান অধিকাৰ কৰিছে।

ইফালে মঙ্গলবাৰৰ এখন মেচত পাকিস্তানে বাংলাদেশক পৰাস্ত কৰি পইণ্ট তালিকাৰ পঞ্চম স্থান অধিকাৰ কৰিছে। দলটোৱে ৭ খন মেচ খেলি ৬ পইণ্ট অৰ্জন কৰিছে। এই দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ অৱশিষ্ট আটাইকেইখন মেচত জয় লাভ কৰিব লাগিব। ইয়াৰ ভিতৰত এখন মেচ খেলিব লাগিব নিউজিলেণ্ডৰ বিৰুদ্ধে।

এই মেচখনেই নিৰ্ধাৰণ কৰিব পাকিস্তানৰ ছেমি ফাইনেল যাত্ৰা। মেচখত নিউজিলেণ্ডক কেৱল পৰাস্ত কৰিলেই নহ'ব এই ক্ষেত্ৰত ৰাণ ৰেটৰ প্ৰসংগও থাকিব। যদিহে মেচখনত পাকিস্তান পৰাস্ত হয় তেন্তে দলটোৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাট বন্ধ হ'ব। ইয়াৰ বিপৰীতে নিউজিলেণ্ডৰ ছেমি ফাইনেলৰ বাট প্ৰসস্ত হ'ব।

ইয়াৰ উপৰিও পাকিস্তানৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পৰৱৰ্তী মেচখনো। নিউজিলেণ্ডে পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনৰ পাছত শ্ৰীলংকাৰ সৈতে খেলিব আন এখন মেচ। এই মেচখনতো যদি নিউজিলেণ্ড জয়ী হয় তেন্তে পাকিস্তানৰ বাবে ছেমি ফাইনেল খেলাৰ বিষয়টো জটিল হৈ পৰিব। যদি নিউজিলেণ্ড শ্ৰীলংকাৰ হাততো পৰাস্ত হয় তেতিয়াও পাকিস্তানে তেওঁলোকৰ পৰৱৰ্তী ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত ইংলেণ্ডক পৰাস্ত কৰিব লাগিব।