বিশ্বকাপ, ২০২৩

বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত আজি অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা

Asomiya Pratidin

ডিজিটেল ডেস্ক: বুধবাৰে আই চি চি এদিনীয়া পুৰুষ বিশ্বকাপ ২০২৩ৰ ছেমিফাইনেলৰ প্ৰথমখন মেচত ভাৰতীয় খেলুৱৈসকলৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি সম্পূৰ্ণ ১২ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে ভাৰতে। ১৯ তাৰিখে হ'বলগীয়া এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচত ভাৰতৰ বিৰুদ্ধে কোন খেল পথাৰত নামিব সেইয়া নিশ্চিত হ'ব বৃহস্পতিবাৰে কলিকতাত অনুষ্ঠিত হ'বলগীয়া ছেমিফাইনেলৰ দ্বিতীয়খন মেচৰ অন্তত।

বিশ্বকাপ '২৩ৰ ফাইনেললৈ যোৱাৰ যুঁজত বৃহস্পতিবাৰে কলিকতাৰ ইডেন গাৰ্ডেনত ৫ বাৰৰ বিশ্ব চেম্পিয়ন দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিব দক্ষিণ আফ্ৰিকা। উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাই বৰ্তমানলৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা নাই যদিও চলিত টুৰ্ণামেন্টত দলটোৰ প্ৰতিজন খেলুৱৈয়ে দৰ্শনীয় প্ৰদৰ্শন দেখুৱাইছে।

বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা আৰম্ভ হ'ব ছেমিফাইনেলৰ দ্বিতীয়খন মেচ। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ৯ খন মেচৰ ভিতৰত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলীয়াই ৭খনকৈ মেচত বিজয়ী হৈ পইন্টচ টেবুলৰ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ নেট ৰাণ ৰেট ১.২৬১ হোৱাৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়াৰ নেট ৰাণ ৰেট ০.৮৪১।