বিশ্বকাপ, ২০২৩

বিশ্বকাপত পুনেত আজি নিউজিলেণ্ডৰ মুখামুখি হ'ব দক্ষিণ আফ্ৰিকা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১ নৱেম্বৰত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচনৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৩২ সংখ্যক এদিনীয়া বিশ্বকাপ ২০২৩ৰ মেচত নিউজিলেণ্ডেৰ বিৰুদ্ধে খেলপথাৰত নামিব দক্ষিণ আফ্ৰিকা। বুধবাৰে বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'ব এই হাইভল্টেজ মেচখন।

আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ত দুয়োটা দলৰ বাবেই বুধবাৰৰ মেচখন টুৰ্ণামেন্টৰ সপ্তমখন মেচ হ’ব। উল্লেখ্য যে, বিশ্বকাপ ২০২৩ৰ পইন্ট টেবুলত ৮ পইণ্টেৰে নিউজিলেণ্ড তৃতীয় স্থানত আছে। আনহাতে দক্ষিণ আফ্ৰিকাই ১০ পইণ্টেৰে দ্বিতীয় স্থানত আছে।

'একুৱা ৱেদাৰ'ৰ তথ্য অনুসৰি বুধবাৰে পুনেত বৰষুণৰ সম্ভাৱনা নাই। তদুপৰি বুধবাৰে পুনেৰ তাপমাত্ৰা ৩২ ডিগ্ৰীৰ পৰা ১৭ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব আৰু দিনত পূব দিশত প্ৰায় ৯ কিলোমিটাৰ বেগেৰে বতাহ বলিব আৰু নিশা উত্তৰ-পূব দিশত ৭ কিলোমিটাৰ বেগেৰে বতাহ বলিব বুলি জানিব পৰা গৈছে। দিনৰ ভাগত ২৬ কিলোমিটাৰ আৰু নিশা ১৩ কিলোমিটাৰ বেগেৰে বতাহৰ ধুমুহাৰ সম্ভাৱনাও আছে।