আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও আৰক্ষীৰ, লুকাই আছে ৪০ জন উগ্ৰপন্থী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিগত কেইটামান দিনৰ পৰা পাকিস্তানৰ অৱস্থা খুবেই বেয়া। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পাছতেই দেশখনত অৰাজকতা বৃদ্ধি পাইছিল। প্ৰতিবাদত উত্তাল হৈ পৰিছিল দেশ।

ইয়াৰ মাজতে বুধবাৰে(১৭মে') আৰক্ষীয়ে ঘেৰাও কৰে ইমৰাণ খানৰ বাসগৃহ। আৰক্ষীৰ মতে ইমৰাণ খানৰ বাসগৃহত ৩০-৪০ জন উগ্ৰপন্থী আশ্ৰয় লৈ থকাৰ ইনপুট তেওঁলোকে লাভ কৰিছে। তাৰ পাছতে জমান পাৰ্কত নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পাকিস্তানী আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই বুধবাৰে  ইনপুট লাভ কৰিছিল যে পেছাৱাৰ কৰ্পছ কমাণ্ডাৰৰ ঘৰত হোৱা আক্ৰমণৰ অভিযুক্তসকল ইমৰানৰ ঘৰত লুকাই আছে। যাৰ পাছতে তেওঁলোকে অভিযান আৰম্ভ কৰে। উল্লেখ্য যে, ২৪ ঘন্টাৰ ভিতৰত এই উগ্ৰপন্থী সকলক আৰক্ষীক গতাই দিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।