আন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত বানপানীঃ মৃত্যু হৈছে ৭১গৰাকীকৈ লোকৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডুবাইৰ পাছতে পাকিস্তানতো ভয়ংকৰ বানৰ ফলত হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বৰ্তমানলৈকে বজ্ৰপাত-বৰষুণৰ ফলত ৭১গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৬৭গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

পাকিস্তানৰ দুৰ্যোগ প্ৰশমন বিভাগে  শেহতীয়াকৈ সদৰি কৰা তথ্য অনুসৰি, পাকিস্তানৰ পখ্তুনখা নামৰ অঞ্চলটোত এতিয়ালৈকে বিভিন্ন প্ৰাকৃতিক ঘটনাত ৩২গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ইয়াৰে ১৫টি শিশু বুলি জানিব পৰা গৈছে। ইফালে প্ৰাকৃতিক দুৰ্যোগৰ ফলক পূব পাঞ্জাৱত ২৩গৰাকীকৈ লোকৰ মৃত্যু হৈছে। পশ্চিম বেলুছিস্তানত ৮গৰাকীলোকৰ মৃত্যুৰ খবৰো প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত।