আন্তঃৰাষ্ট্ৰীয়

মহাকাশত চূৰ্ণ-বিচূৰ্ণ ৰাছিয়াৰ মৃত উপগ্ৰহ

Asomiya Pratidin

ডিজিটেল ডেস্ক : মহাকাশত ৰাছিয়াৰ এটা নিৰীক্ষণ উপগ্ৰহ অকাস্মাতে ভাগি টুকুৰা-টুকুৰ হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উপগ্ৰহটোৰ নাম হৈছে ৰেছাৰ্ছ পি- ১।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২২চনতে ৰাছিয়াই উক্ত উপগ্ৰহটোক মৃত বুলি ঘোষণা কৰিছিল। এই উপগ্ৰহটো এদিন পূৰ্বে মহাকাশত ভাগি টুকুৰা-টুকুৰ হৈ চাৰিওফালে সিঁচৰিত হৈ পৰে।

এই উপগ্ৰহটো প্ৰায় ১০০ টুকুৰা হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এদল মহাকাশ বিজ্ঞনীয়ে গৱেষণা চলাই থকাৰ কথা আন্তৰ্জাতিক সংবাদ মাধ্যমযোগে জানিব পৰা গৈছে।