ডিজিটেল ডেস্কঃ অন্ধকাৰত ডুব যাব বাংলাদেশ ! ভাৰতৰ পুঁজিপতি গৌতম আদানীয়ে চুবুৰীয়া দেশখনলৈ বিদ্যুৎ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ দিছে। হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত এতিয়া চলি আছে অন্তৱৰ্তীকালীন চৰকাৰ।
নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ চৰকাৰে গৌতম আদানীক দিবলৈ বাকী আছে ৮৫০ মিলিয়ন ডলাৰ। এই বৃহৎ অংকৰ ধন শীঘ্ৰেই আদায় নিদিলে বাংলাদেশলৈ বিদ্যুৎ যোগান বন্ধ কৰিব আদানীৰ প্ৰতিষ্ঠানে।
এই অনাদায় ধন আদায় দিবলৈ গৌতম আদনীয়ে নিজেই সময়ৰ শেষ সীমাও নিৰ্ধাৰণ কৰি দিছে। আদানীয়ে কৈছে ৭ নৱেম্বৰৰ ভিতৰত তেওঁক ধন নিদিলে অন্ধকাৰত ডুবিব লাগিব বাংলাদেশ।
অৱশ্যে বাংলাদেশ চৰকাৰে গৌতম আদানীৰ এনে ভাবুকিৰ পাছতে বিকল্পৰো চিন্তা কৰা বুলি জানিব পৰা গৈছে। বাংলাদেশৰ বিদ্যুৎ, খনিজ সম্পদ উপদেষ্টা ফাওজুল কবিৰ খানে দাবী কৰিছে বিদ্যুৎ সৰবৰাহ বন্ধ হ’লে তাৰ বিকল্পৰ ব্যৱস্থা কৰিব।
দেওবাৰে আদানী গোষ্ঠীৰ ফালৰ পৰা বাংলাদেশক জনোৱা হয় যে, ৭ নৱেম্বৰৰ ভিতৰত ৮৫০ মিলিয়ন ডলাৰ বকেয়া পৰিশোধ নকৰিলে বিদ্যুৎ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব। ইতিমধ্যে ৩১ অক্টোবৰৰ পৰাই আদানী গোষ্ঠীয়ে বাংলাদেশলৈ বিদ্যুৎ সৰবৰাহৰ পৰিমাণ প্ৰায় ৫০ শতাংশ হ্ৰাস কৰিছে।
আদানী গ্ৰুপৰ বিদ্যুৎ সৰবৰাহৰ বাবদ বি পি ডি বিৰ বকেয়া প্ৰায় ৮৫ কোটি ডলাৰ। ঝাৰখণ্ডৰ গোড্ডাৰ কয়লাভিত্তিক এই বিদ্যুৎ কেন্দ্ৰৰ দুটা ইউনিটৰ পৰা প্ৰতিদিনে ১৪০০ ৰ পৰা ১৫০০ মেগাৱাট বিদ্যুৎ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল। বকেয়া অনাদায়ৰ বাবে যোৱা বৃহস্পতিবাৰৰ পৰা ইয়াৰে এটা ইউনিটৰ বিদ্যুৎ উৎপাদন বন্ধ ৰখা হৈছে।
ইয়াৰ পূৰ্বে বকেয়া আদায়ৰ বাবে আদানী গোটে বাংলাদেশক ৩১ অক্টোবৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। সেই মতেই মহম্মদ ইউনুছৰ চৰকাৰে আদানী গোটক ১৭ কোটি ডলাৰ বকেয়া পৰিশোধ কৰাৰ কথা জনাই এক পত্ৰ প্ৰেৰণ কৰিছিল আদানীৰ প্ৰতিষ্ঠানলৈ।
কিন্তু ডলাৰ সংকটৰ বাবে সোণালী বেংকে জনাই কৃষি বেংকৰ মাধ্যমেৰে বিদ্যুৎ উন্নয়ন ব'ৰ্ডৰ বিষয়াই ধন প্ৰেৰণ কৰিব। পিছে সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বেংকৰ মাধ্যমেৰে টকা পঠিওৱাৰ বিষয়টো চুক্তিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়। সেয়ে আদানী গোষ্ঠীয়ে ইয়াত সন্মতি নিদিলে।
এনে পৰিস্থিতিত আদানী গ্ৰুপে এটা বিদ্যুৎ উৎপাদন ইউনিট বন্ধ কৰি বিদ্যুৎ যোগান বন্ধ কৰাত বাংলাদেশত বিদ্যুৎ নাটনিয়ে দেখা দিছে। দেশখনত বৃদ্ধি পাইছে লোডশ্বেডিং।
পাৱাৰ গ্ৰীড বাংলাদেশৰ ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি শুকুৰবাৰে ৭২৪ মেগাৱট বিদ্যুৎ প্ৰেৰণ কৰিছে আদানী প্ৰতিষ্ঠানে। কিন্তু এই বিদ্যুৎ কেন্দ্ৰৰ ক্ষমতা ১৪৯৬ মেগাৱট।
ফাওজুল কবিৰ খানে এই সন্দৰ্ভত দাবী কৰি কয়, আমি অক্টোবৰ মাহত আদানী পাৱাৰক প্ৰায় ৯৮ মিলিয়ন ডলাৰ পৰিশোধ কৰিছো। ছেপ্তেম্বৰৰ তুলনাত এই পৰিমাণ প্ৰায় দুগুণ।ইয়াৰোপৰি বাংলাদেশ কৃষি বেংকৰ জৰিয়তে ১৭ কোটি ডলাৰ এল চি কৰা হৈছে। তাৰ পাছতো তেওঁৰ এনে আচৰণ অতি আশ্চৰ্যকৰ, বিস্ময়কৰ আৰু দুখকজনক।
তেওঁ কয়, আদানীয়ে যদি সঁচাকৈয়ে বিদ্যুৎ যোগান বন্ধ কৰে তেনেহ’লে আমি এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত আছে। গ্ৰাহক যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি বিকল্পৰ ব্যৱস্থা কৰিম।