বায়ুৰ ধুমুহাত আৱদ্ধ বিমানঃ এজন যাত্ৰীৰ মৃত্যু, ৩০ জন আহত... 
আন্তঃৰাষ্ট্ৰীয়

বায়ুৰ ধুমুহাত আৱদ্ধ বিমানঃ এজন যাত্ৰীৰ মৃত্যু, ৩০ জন আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক ভয়াৱহ বিমান দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীৰ লগতে দেশখনৰ বৈদেশীক মন্ত্ৰীসহ ৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা চাঞ্চল্য মান নৌযাওঁতেই লণ্ডনৰ পৰা ছিংগাপুৰলৈ ৰাওনা হোৱা এখন বিমান ধুমুহাৰ কৱলত পৰা আন এক ঘটনা সংঘটিত হৈছে। মাজ আকাশত ধুমুহাৰ কৱলত পৰা এই বিমানখনৰ বহু ক্ষতি হোৱাৰ লগতে এজন এজন যাত্ৰীৰো বিমানতে মৃত্যু হয়। আনহাতে আহত হৈছে ৩০ জনকৈ যাত্ৰী।

উল্লেখ্য যে, মাজ আকাশৰ এনে ধৰণৰ বায়ু ধুমুহাক বায়ুৰ অস্থিৰতা বা এয়াৰ টাৰ্বুলেঞ্চ বুলি কোৱা হয়। এনে বায়ু ধুমুহাৰ কৱলত পৰিয়েই কেতিয়াবা যাত্ৰীবাহী বিমান বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। এই বিমানখনো এনে এক এয়াৰ টাৰ্বুলেঞ্চৰে সন্মুখীন হৈ এই কৰুণ ঘটনা সংঘটিত হয়।

ছিংগাপুৰলৈ যাত্ৰা কৰা এই বিমানখন জৰুৰীভাৱে বেংককত অৱতৰণ কৰিবলগীয়া হয়। এয়াৰলাইনৰ বিবৃতি অনুসৰি বোয়িং ৭৭৭-৩০০০ ইআৰ বিমানখনত আছিল মুঠ ২১১ জন যাত্ৰী আৰু ১৮ জন ক্ৰু মেম্বাৰ। এই ঘটনাত মৃত্যু হোৱা যাত্ৰীজনৰ পৰিয়াললৈ ছিংগাপুৰ এয়াৰলাইনছে সমবেদনাও জনাইছে।