অসম তথা ভাৰতত অল কাইদাৰ সদস্য নিয়োগ কৰা শীৰ্ষ নেতা আবু তালহাক গ্ৰেপ্তাৰ... 
আন্তঃৰাষ্ট্ৰীয়

অসম তথা ভাৰতত অল কাইদাৰ সদস্য নিয়োগ কৰা শীৰ্ষ নেতা আবু তালহাক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যোৱা সময়ছোৱাত দেশৰ লগতে অসমতো অল কায়দাৰে জড়িত বহু লোকক আৰক্ষী আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মাদ্ৰাছাত থাকি সন্ত্ৰাসমূলক কামকাজত লিপ্ত থকা বহু লোককে ইতিমধ্যে গ্ৰেপ্তাৰ কৰাই নহয়, সন্ত্ৰাসমূলক কাম-কাজ চলি থকা তেনে একাধিক মাদ্ৰাছা ভাঙি পেলোৱা হৈছে।

তেনে সময়তে শেহতীয়াকৈ বাংলাদেশত গ্ৰেপ্তাৰ হৈছে ৫ গৰাকীকৈ অল কায়দাৰ সদস্য। এই ৫ অল কায়দাৰ সদস্যৰ মাজত আছে এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাও। এই শীৰ্ষ পৰ্যায়ৰ অল কায়দাৰ নেতা জনেই অসম তথা ভাৰতত অল কায়দাৰ সদস্য নিয়োগ কৰি অহাৰ তথ্যও লাভ কৰিছে। কেৱল সেয়াই নহয়, অসমতো বাহৰ পাতি গৈছে।

বাংলাদেশৰ পৰা গ্ৰেপ্তাৰ হোৱা ৫ অলকায়দা সদস্যৰ ভিতৰত ইক্ৰামূল হক ওৰফে আবু তালাহ আছিল ভাৰতৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী। উল্লেখ্য যে, বাংলাদেশৰ ৰাজধানী ঢাকাৰ সবুজবাগ এলেকাৰ পৰা গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে গ্ৰেপ্তাৰ কৰিছিল এইগৰাকী মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীক।

আবু তালাহাক গ্ৰেপ্তাৰ কৰাৰ পাছতে জানিব পৰা গৈছে তেওঁ অল কায়দা ভাৰতীয় উপ-মহাদেশৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা। তেওঁৱেই এই অঞ্চলটোত অল কায়দাৰ সদস্য নিয়োগ কৰি আহিছে।

মন কৰিবলগীয়া যে, ২০২২ ত অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী সংগঠনৰ বাংলাদেশৰ এজন শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা অসম তথা ভাৰতত অল কায়দাৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হৈছিল। এই অভিযানৰ মাজতে প্ৰায় ৫০ টাকৈ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

এই ৫০ টাকৈ অল কায়দাৰ সদস্যৰ ভিতৰত শেহতীয়াকৈ বাংলাদেশত গ্ৰেপ্তাৰ হোৱা অল কায়দাৰ ৫ নেতা সদস্যও অন্তৰ্ভুক্ত। এই ৫ সন্ত্ৰাসবাদীৰ মাজৰ আবু তালহা ওৰফে ইক্ৰামূল হকে ভাৰতৰ উত্তৰ প্ৰদেশৰ দেওবন্দত অধ্যয়ন কৰিছিল আৰু সেই সময়তেই সন্ত্ৰাসবাদৰ সৈতে জড়িত হৈ পৰিছিল।

অৱশ্যে ভাৰতীয় সেনা, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই বাংলাদেশলৈ পলাই যাবলৈ সক্ষম হয়। ইফালে তেওঁৰ পত্নী ফৰিয়া আফৰিনকো ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ পৰা ভাৰতীয় আধাৰ কাৰ্ড, পাছপ'ৰ্ট আদি জব্দ হোৱাৰ পাছতে এই কথাৰ প্ৰমাণ পোৱা গৈছে। আবু তালহা সন্দৰ্ভত ঢাকাৰ চি টি টি চিৰ প্ৰধান আৰু ডি এম পিৰ অতিৰিক্ত আয়ুক্ত মহম্মদ আছাদুজ্জামানে বাংলাদেশ ট্ৰিবিউনৰ আগত কয়, ইক্ৰামূল হক ওৰফে আবু তালহা অল কায়দা ভাৰতীয় উপ-মহাদেশৰ শীৰ্ষ নেতা।

তেওঁৰ বিৰুদ্ধে ভাৰতত অতি কমেও ১০ টাকৈ গোচৰ ৰুজু হৈ আছে। সম্প্ৰতি গুজৰাটত গ্ৰেপ্তাৰ হোৱা কেইবাজনো অল কায়দাৰ সদস্যই তেওঁলোকক এই আবু তালহাই নিয়োগ কৰা বুলি স্বীকাৰ কৰিছে। আৰু তাৰ পাছতেই আবু তালহাৰ বিৰুদ্ধে অভিযান চলাই বাংলাদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

ইক্ৰামূল হক ওৰফে আবু তালহাৰ প্ৰকৃত ঘৰ বাংলাদেশৰ ময়মনসিংহত। ২০১৮ ত তেওঁ উচ্চ শিক্ষাৰ বাবে ভাৰতৰ উত্তৰ প্ৰদেশলৈ আহিছিল। তাৰ পাছতেই তেওঁ জড়িত হৈ পৰে অল কায়দাৰ সৈতে।

অত্যন্ত মেধাবী এই আবু তালহাই ২০০৭ চনত হিফজ পৰীক্ষাত বাংলাদেশৰ ভিতৰতে শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। কেইবাটাও ভাষাৰ ওপৰত দখল থকা এইগৰাকী অল কায়দা নেতাই উৰ্দু, আৰবি, ইংৰাজী আদি ভাষাত পাকৈত হোৱাৰ উপৰিও প্ৰযুক্তি বিদ্যাতো পাৰ্গত। সেয়ে তেওঁক অতি কম দিনৰ ভিতৰতে অল কায়দাৰ ভাৰতীয় উপ মহাদেশ গোটৰ শীৰ্ষ নেতা হিচাপে মনোনীত কৰা হয়।

অসম তথা ভাৰতত অল কায়দাৰ বিৰুদ্ধে অভিযান চলাই বহু সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতত থাকিয়েই এই সকলোকে নিয়োগ কৰিছিল এইগৰাকী শীৰ্ষ নেতাই। কিন্তু আৰক্ষীয়ে তেওঁৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতেই তেওঁ পত্নী, সন্তানসহ সীমান্ত পাৰহৈ বাংলাদেশলৈ পলায়ন কৰে।

২০২২ ৰ অক্টোবৰত মধ্যপ্ৰদেশৰ ভূপালৰ পৰা বহু কেইজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইয়াৰ মাজত কেইবাটাও আছিল বাংলাদেশী নাগৰিক। এই সন্ত্ৰাসবাদী কেইটাই স্বীকাৰ কৰিছিল তেওঁলোকক আবু তালহাই নিয়োগ কৰাৰ কথা।

আৰক্ষীৰ জেৰাত এই সন্ত্ৰাসবাদী কেইটাই আবু তালহাৰ সম্পৰ্কত দিছিল সবিশেষ তথ্য। আনহাতে চলিত বছৰৰ ২৪ মে'ত গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অল কায়দাৰ ৪ সদস্যক। এই ৪ অল কায়দাৰ সদস্যই আছিল বাংলাদেশৰ।

এই ৪ সদস্যয়ো তেওঁলোকক নিয়োগ কৰাৰ ক্ষেত্ৰত আবু তালহাৰ নাম লৈছিল। গুজৰাট আৰক্ষীক এই চাৰি অল কাইদাৰ সদস্যই জনাইছিল নিৰাপত্তাজনিত কাৰণত আবু তালহাই ভাৰত এৰি বাংলাদেশলৈ ঘূৰি গৈছে।

তাৰ পৰাই এনক্ৰিপ্টেড এপৰ মাধ্যমেৰে সাংগঠনিক নিৰ্দেশনা প্ৰদান কৰি আহিছিল। সেই তথ্যৰ ভিত্তিতে অভিযান চলাই আৰক্ষীয়ে ঢাকাৰ পৰা এই মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে পৰ্যটক ভিছাৰে ভাৰতত প্ৰৱেশ কৰিছিল আবু তালাহে। পৰৱৰ্তী সময়ত তেওঁ নুৰ হুছেইন নামে ভুৱা পৰিচয়ৰে ভাৰতীয় আধাৰ কাৰ্ড তৈয়াৰ কৰি লৈছিল। সেই আধাৰ কাৰ্ডৰ জৰিয়তেই পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় পাছপোৰ্ট তৈয়াৰ কৰিছিল।

ইয়াত ঠিকনা হিচাপে উল্লেখ আছে কুচবিহাৰৰ সিঙিমাৰীৰ মদনকুৰা গাওঁ। সেইদৰেই তেওঁৰ পত্নী ফাৰিয়া আফ্ৰিনৰ নামতো আধাৰ কাৰ্ড আৰু পাছপ'ৰ্ট তৈয়াৰ কৰা হৈছিল। সেই আধাৰ কাৰ্ডত ফাৰিয়াৰ নাম দিয়া হৈছিল মৰিয়াম খাতুন।

ইফালে গ্ৰেপ্তাৰৰ পাছতে আবু তালহাই আৰক্ষীক জানিবলৈ দিয়া মতে উত্তৰ প্ৰদেশৰ দেওবন্দৰ মাদ্ৰাছাত পঢ়িবলৈ আহি অমন নামৰ এজন লোকৰ জৰিয়তে অল কায়দাৰ সৈতে জড়িত হৈ পৰিছিল। অল কায়দাৰ সাংগঠিন কামৰ বাবে তেওঁ অসম, কুচবিহাৰ, দিল্লী. ভূপালকে ধৰি বিভিন্ন স্থানলৈ ধাৰাবাহিত ভাৱে যোৱাৰ লগতে বাহৰ পাতিছিলষ

তেওঁ অনলাইন আৰু অফলাইনত সদস্যসকলক ক্লাছ দিছিল। কাউণ্টাৰ টেৰ'ৰিজিম ইউনিটৰ অতিৰিক্ত আয়ুক্ত এস এম নাজমুলে বাংলা ট্ৰিবিউনক জানিবলৈ দিয়া মতে, ইক্ৰমামূল ওৰফে আবু তালহাৰ মোবাইল আৰু লেপটপ জব্দ কৰা হৈছে।

ইয়াৰ পৰা বহু বিস্ফোৰক তথ্য লাভ কৰিছে। শীঘ্ৰেই তেওঁৰ অন্যান্য সহযোগীসকলকো গ্ৰেপ্তাৰ কৰিব। তেওঁলোকৰ বিৰুদ্ধেও অভিযান চলিছে। আবু তালহাই অল কায়দাৰ বহু শীৰ্ষ দেশী-বিদেশী নেতাৰ সৈতে সঘন যোগাযোগ ৰাখিছিল।