আন্তঃৰাষ্ট্ৰীয়

এছিয়ান গেমছঃ পুৰুষ কাবাডী প্ৰতিযোগিতাত অথন্তৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলিত এছিয়ান গেমছৰ পুৰুষ কাবাডী প্ৰতিযোগিতাত অথন্তৰ। অভিযোগ-প্ৰতিঅভিযোগৰ বাবে স্থগিত হৈছে কাবাডী প্ৰতিযোগিতা। উল্লেখ্য যে, শনিবাৰে এছিয়ান গেমছ-২০২৩ৰ পুৰুষ কাবাডী দল প্ৰতিযোগিতাত সমুখ-সমৰত নামিছিল ভাৰতীয় পুৰুষ কাবাডী দল আৰু ইৰাণৰ পুৰুষ কাবাডী প্ৰতিযোগী দলে।

চলিত খেলখনত পইণ্ট অৰ্জনকলৈ বিচাৰকৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে দুয়োটা দলৰ খেলুৱৈ। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দুয়োটা দলৰ প্ৰতিযোগীয়ে খেলৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। খেলৰ দ্বায়িত্বত থকা বিচাৰকে ভাৰতক ৪ পইণ্ট দিয়াক লৈয়ে প্ৰথমে সৃষ্টি হয় এই অভিযোগৰ-প্ৰতিঅভিযোগৰ বিতৰ্ক।

ইৰাণৰ খেলুৱৈসকলৰ মতে ভাৰতীয় এজন খেলুৱৈয়ে নিয়ম অনুসৰি চিন স্পৰ্শ নকৰাকৈয়ে পইণ্ট দিলে বিচাৰকে। যাৰ বাবে প্ৰতিবাদমুখী হৈ পৰে ইৰাণৰ দলটো। প্ৰতিবাদে এই পৰ্যায় পাই যে, ভাৰতীয় দলটোৱেও মৌন হৈ নাথাকে। যাৰ বাবে বৰ্তমান স্থগিত হৈ আছে কাবাডী প্ৰতিযোগিতাখন।