বাংলাদেশত এইবাৰ ৩২,৬৬৬ খন পূজা মণ্ডপঃ হাছিনা চৰকাৰ তুলনাত বৃদ্ধি চৰকাৰী সাহায্যও... 
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত এইবাৰ ৩২,৬৬৬ খন পূজা মণ্ডপঃ হাছিনা চৰকাৰ তুলনাত বৃদ্ধি চৰকাৰী সাহায্যও...

তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে ইউনুছ চৰকাৰে

Asomiya Pratidin

মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছতে সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাত সুযোগ গ্ৰহণ কৰি একাংশই সংখ্যালঘু হিন্দু ধৰ্মীয়লোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ ঘটনা সংঘটিত হৈছিল। এনে পৰিস্থিতিত আগন্তুক দুৰ্গা পূজা উদযাপনক লৈ দেশখনত হিন্দু ধৰ্মীয় লোকসকলৰ মাজত যথেষ্ট শংকাৰ সৃষ্টি হৈছে।

অৱশ্যে, অন্তৱৰ্তীকালীন চৰকাৰে ঘোষণা কৰিছে দুৰ্গা পূজা আয়োজনত সুৰক্ষাৰ ক্ষেত্ৰত কোনো বিপদ নাই। হিন্দু ধৰ্মীয় লোকসকলে এইবাৰো সুৰক্ষিতভাৱে দুৰ্গা পূজা উদযাপন কৰিবলৈ সক্ষম হ'ব।

বৃহস্পতিবাৰে ঢাকাত আৰক্ষী মহাপৰিদৰ্শক (আইজিপি) মইনুল ইছলামে সাংবাদিকৰ আগত কয়, "দুৰ্গা পূজাৰ সময়ত কোনো নিৰাপত্তাৰ ভাবুকি নাই। দীৰ্ঘদিন ধৰি এই দেশত পৰম্পৰাগতভাৱে হিন্দু ধৰ্মীয় লোকসকলে কোনো বাধা অবিহনে পূজা উদযাপন কৰি আহিছে। এইবাৰো, তেওঁলোকে সুৰক্ষিতভাৱে পূজা উদযাপন কৰিবলৈ সক্ষম হ'ব।

মইনুল ইছলামে পুনৰ কয় যে, দুৰ্গা পূজাক কেন্দ্ৰ কৰি উগ্ৰপন্থী আক্ৰমণৰ কোনো ভাবুকি নাই। তথাপিও, আৰক্ষী প্ৰশাসন সতৰ্ক হৈ থাকিব। নিৰাপত্তাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব।

উল্লেখ্য যে, এই বছৰ, দেশখনত দুৰ্গা পূজাৰ পেণ্ডেলৰ সংখ্যা হৈছে ৩২,৬৬৬ খন। ইয়াৰ ভিতৰত ঢাকা দক্ষিণ মহানগৰ নিগমত ১৫৭ খন আৰু ঢাকা নৰ্থ চিটি কৰ্পোৰেচনত ৮৮ খন পূজাৰ মণ্ডপ স্থাপন কৰা হ'ব। যোৱা বছৰত দুৰ্গা পূজা পেণ্ডেলৰ মুঠ সংখ্যা আছিল ৩৩,৪৩১ খন।

এইবাৰ মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে দুৰ্গা পূজাৰ বাবে বিত্তীয় আৱণ্টন শ্বেখ হাছিনা চৰকাৰে পূৰ্বে দিয়া আৱণ্টনতকৈ দুগুণ বৃদ্ধি কৰিছে। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বাবে দেশখনত আন বছৰবোৰতকৈ এইবাৰ পূজা পেণ্ডেলবোৰত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ হ'ব।

ইউনুছ চৰকাৰৰ ধৰ্মীয় পৰিক্ৰমা উপদেষ্টা ড০ এ এফ এম খালিদ হুছেইনে এই সন্দৰ্ভত কয় যে, মাদ্ৰাছাৰ শিক্ষাৰ্থীসকল স্থানীয় লোকসকলৰ সৈতে একত্ৰিত হৈ দুৰ্গা পূজাৰ নিৰাপত্তাৰ সৈতে জড়িত হ'ব। তেওঁলোকে কোনো আক্ৰমণ বা ধ্বংসাত্মক কাৰ্য যাতে সংঘটিত নহয় তাৰ ওপৰত নজৰ দিব। মাদ্ৰাছাৰ শিক্ষাৰ্থীসকল উগ্ৰবাদৰ সৈতে জড়িত নহয়। পূৰ্বৰ চৰকাৰেহে ষড়যন্ত্ৰ কৰি তেওঁলোক উগ্ৰবাদৰ সৈতে জড়িত বুলি ভুৱা প্ৰচাৰ চলাইছিল।

তেওঁ লগতে সকলোকে সতৰ্ক কৰি দি কয় যে, যদি আগন্তুক দুৰ্গা পূজা আয়োজনত কোনোৱে বাধা দিয়ে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ'ব। দেশখনত এইবাৰ দুৰ্গা পূজাৰ নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰিবলৈ আকাশ মাৰ্গৰ পৰাও দৃষ্টি ৰাখিব। হেলিকপ্টাৰৰ জৰিয়তে নিৰাপত্তাৰক্ষীয়ে সকলোতে টহল দিব।

ধৰ্মীয় পৰামৰ্শদাতাগৰাকীয়ে পুনৰ কয়, "যদি কোনো দুৰ্বৃত্তই ধৰ্মীয় উপাসনাত বাধা দিয়ে, তেন্তে ইয়াক কঠুৰ হাতেৰে দমন কৰা হ'ব। বিজয়া দশমীৰ দিনা হেলিকপ্টাৰৰ লগতে নদীত ডুবাৰু বাহিনীয়ে সুৰক্ষাৰ দিশটো চোৱাচিতা কৰিব।

খালিদ হুছেইনে জনোৱা অনুসৰি দেশখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে দুৰ্গা পূজাৰ বাবে মুঠ ৪ কোটি আৱণ্টন দিছে। এই ধন উপায়ুক্তসকলৰ জৰিয়তে অৰ্থনৈতিকভাৱে দুৰ্বল পূজা সমিতিসমূহক বিতৰণ কৰা হ'ব। তাৰোপৰি প্ৰতিটো পূজা পেণ্ডেলতে ৫০০ কিলোগ্ৰাম চাউল আৱণ্টন কৰা হৈছে। তাৰোপৰি খালিদে তেওঁৰ মন্ত্ৰণালয়ৰ পৰা অতিৰিক্ত ২০০ কিলোগ্ৰামকৈ চাউল বৃদ্ধিৰ পৰামৰ্শ দিছে বুলিও জনাইছে।

সকলো পূজা মণ্ডপত ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হ'ব। দুৰ্গা পূজাৰ সময়ত বিদ্যুৎ যোগান ২৪ ঘণ্টাই অব্যাহত থাকিব।