মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে... 
আন্তঃৰাষ্ট্ৰীয়

মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে...

Asomiya Pratidin

মাছুম বিল্লাহ, ঢাকাঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ বাবে সাজু হৈছে নৰেন্দ্ৰ মোডী। মোডীৰ এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ইয়াৰ পিছত ৯ জুনত তেওঁ পুনৰ ঢাকালৈ ঘূৰি আহিব।

উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে হাছিনাক আমন্ত্ৰণ জনাইছিল। এই আমন্ত্ৰণ গ্ৰহণ কৰিছে হাছিনাই। আনহাতে হাছিনায়ো বাংলাদেশৰ জনসাধাৰণ, চৰকাৰৰ হৈ নৰেন্দ্ৰ মোডীক অভিনন্দন জ্ঞাপন কৰিছে। ৫ জুনৰ সন্ধিয়াই দুয়ো নেতাৰ মাজত টেলিফোনিক বাৰ্তালাপো হৈছে।

এই বাৰ্তালাপৰ সময়তে মোডীয়ে হাছিনাক তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল আৰু হাছিনায়ো গ্ৰহণ কৰিছে। হাছিনাই নৰেন্দ্ৰ মোডীক কয়, আপোনাৰ দৰে শক্তিশালী নেতাৰ নেতৃত্বৰ বাবেই এন ডি এৰ এই বিজয় সম্ভৱ হৈ পৰিছে।

হাছিনাই বিশ্বাস কৰিছে মোডীৰ এই তৃতীয় কাৰ্যকালত ভাৰত আৰু ভাৰতৰ জনসাধাৰণ বিশ্ব সমাজত আৰু আগবাঢ়ি যাব। বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ, বন্ধুত্বপূৰ্ণ আৰু সুপ্ৰতিবেশীসুলভ বুলিও উল্লেখ কৰিছে হাছিনাই।