হিন্দুৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে ঢাকেশ্বৰী মন্দিৰত উপস্থিত মহম্মদ ইউনুছ 
আন্তঃৰাষ্ট্ৰীয়

হিন্দুৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে ঢাকেশ্বৰী মন্দিৰত উপস্থিত মহম্মদ ইউনুছ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছ আজি দেশখনৰ প্ৰসিদ্ধ ঢাকেশ্বৰী মন্দিৰলৈ যায়। মন্দিৰত উপস্থিত হোৱাৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ আগত কয়, তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে দেশক এক পৰিয়ালৰ দৰে গঢ়িব বিচাৰিছে।

তেওঁ কয়, মই দেশবাসীৰ মাজত বৃহৎ ব্যৱধানৰ বিষয়ে শুনিবলৈ পাইছিলোঁ। কিন্তু যেতিয়া মই বিমান বন্দৰত নামিলোঁ তেতিয়া তেওঁলোকে (সংৰক্ষণ বিৰোধী আন্দোলনৰ নেতৃত্বই) মোক কৈছিল আমি দেশখনক এটা পৰিয়ালৰ দৰে গঠন কৰিব বিচাৰোঁ। এই পৰিয়ালৰ মাজত কোনোধৰণৰ প্ৰাৰ্থক্য নাথাকিব। আমি বাংলাদেশৰ মানুহ। আমি সকলো বাংলাদেশী এই কথাক নিশ্চিত কৰিব লাগিব।

তেওঁ বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি কয়, জনসাধাৰণে ধৈৰ্য ধৰি থাকিব লাগিব। এয়া সকলোৱে সকলোকে সহায় কৰাৰ সময়। ইয়াৰোপৰি তেওঁ মন্দিৰত উপস্থিত থকা হিন্দু ধৰ্মীয় লোকসকলক উদ্দেশ্যি কয়, আপোনালোক ধৈৰ্য্যশীল হোৱাৰ বাবে আমাৰ সহায় হৈছে। আপোনালোকে মই কি কৰিছিলোঁ, কি নাই কৰা সেইবোৰ পিছত ভাবিব। যদি কোৱাৰ দৰে কামবোৰ নকৰোঁ তেন্তে পাছত মোক দোষ দিব। এতিয়া সেইবোৰ চিন্তাৰ সময় নহয়।

উল্লেখ্যে যে, ৫ আগষ্টত বাংলাদেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰাৰ পিছতে গঠন কৰা হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। দেশখনত হোৱা সংৰক্ষণ বিৰোধী আন্দোলনৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিলে যদিও দেশখনত হিন্দুৰ ওপৰত আক্ৰমণৰ অভিযোগ উঠিছে।

হিন্দু ধৰ্মীয় লোকৰ ঘৰত দুৰ্বৃত্তই প্ৰৱেশ কৰি লুট-পাত চলোৱাৰ লগতে হিন্দু মন্দিৰো ধ্বংসৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে দেশখনত হিন্দু ধৰ্মীয় লোকসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে পৰিস্থিতিত মহম্মদ ইউনুছে দেশখনৰ প্ৰসিদ্ধ ঢাকেশ্বৰী মন্দিৰত উপস্থিত হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। আশা কৰা হৈছে দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা এই আক্ৰমণ হ্ৰাস পাব।