মোডী-ইউনুছৰ মাজত টেলিফোনিক বাৰ্তালাপঃ সুনিশ্চিত কৰিলে হিন্দুৰ সুৰক্ষা... 
আন্তঃৰাষ্ট্ৰীয়

মোডী-ইউনুছৰ মাজত টেলিফোনিক বাৰ্তালাপঃ সুনিশ্চিত কৰিলে হিন্দুৰ সুৰক্ষা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ সৈতে আলোচনাত মিলিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী মোডী আৰু ইউনুছৰ মাজত হোৱা এই টেলিফোনিক বাৰ্তালাপত দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতাৰ উপৰিও বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ বিষয়টোৱেও স্থান লাভ কৰে।

বাংলাদেশত আৱামী লীগৰ চৰকাৰ পতন হোৱাৰ পাছতে দেশখনৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দেশ এৰি ভাৰতত আহি ৰাজনৈতিক আশ্ৰয় গ্ৰহণ কৰিছে। হাছিনাৰ পলায়নৰ পাছতে দেশখনত বৃদ্ধি পাইছে হিন্দু বিৰোধী কাৰ্যকলাপ। ঠায়ে ঠায়ে হিন্দু লোকক আক্ৰমণ কৰাৰ লগতে মন্দিৰো ধ্বংস কৰাৰ খবৰ প্ৰকাশ পাইছে।

এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোডীয়ে মহম্মদ ইউনুছক বাংলাদেশৰ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। ইউনুছেও হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক্স হেণ্ডেলত লিখিছে এইদৰে- ''মোলৈ মহম্মদ ইউনুছৰ ফোন আহিছিল। এই সময়ত আমি দুয়োৱে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত কথা পাতিলোঁ।''

ইয়াৰোপৰি এক্স হেণ্ডেলত তেওঁ লিখিছে, ''গণতান্ত্ৰিক, সুস্থিৰ, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ বাবে মই ভাৰতৰ সমৰ্থনৰ কথা পুনৰবাৰ ক’লো। মহম্মদ ইউনুছৰ সুদীৰ্ঘ দিনৰ অভিজ্ঞতা আৰু নেতৃত্বত বাংলাদেশৰ নাগৰিক লাভাম্বিত হ’ব। তেওঁ (মহম্মদ ইউনুছে) বাংলাদেশৰ হিন্দু আৰু সকলো সংখ্যালঘুৰ সুৰক্ষাৰ সুনিশ্চিতকৰণত আস্বস্ত কৰিছে।''

জানিব পৰা মতে মহম্মদ ইউনুছে ভাৰতীয় সংবাদ মাধ্যমক বাংলাদেশলৈ গৈ দেশখনৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈয়ো আহ্বান জনাইছে। যাতে ভাৰতীয় লোকসকলেও বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ এক স্পষ্ট আভাস লাভ কৰে।

ইউনুছে মোডীৰ আগত জনাইছে একাংশ ভাৰতীয় সংবাদ মাধ্যমে বাংলাদেশত শেহতীয়া পৰিস্থিতিত সংঘটিত হোৱা কিছু সামন্য ঘটনাকে অতিৰঞ্জিত আৰু উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰকাশ কৰিছে। তেওঁ কয়, বৰ্তমান বাংলাদেশৰ পৰিস্থিতি নিয়ন্ত্ৰিত আৰু জনজীৱন স্বাভাৱিক হৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে দেশখনৰ হিন্দুসকলৰ লগতে সংখ্যালঘুসকলৰ সুৰক্ষাৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ইউনুছে দেশখনত থকা সকলো লোকৰে সুৰক্ষা নিশ্চিতকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সমান্তৰালকৈ তেওঁ মোডীক এই আলোচনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীকাৰ্যালয়ৰ প্ৰেছ উইংৰ পৰা প্ৰকাশিত খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহম্মদ ইউনুছক তেওঁৰ নতুন দায়িত্বৰ বাবে এক্সৰ জৰিয়তে শুভেচ্ছা জনোৱাৰ পাছতে ফোন কৰি ইয়াৰ বাবে মোডীক ধন্যবাদ জনাইছে ইউনুছে। সেই সময়তে ইউনুছে ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে সমগ্ৰ ভাৰতবাসীকে স্বাধীনতা দিৱসৰো শুভেচ্ছা জ্ঞাপন কৰিছে।

দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ এই আলোচনাৰ মাজত বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰকৃত দৃশ্যৰ বিষয়ে কোনো কথা স্পষ্ট হোৱা নাই যদিও ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে ১৬ আগষ্ট, শুকুৰবাৰে বাংলাদেশৰ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদখনত বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে উল্লেখ কৰিছে।

প্ৰতিবেদনখনৰ মতে বাংলাদেশত হিন্দুসকলৰ উপৰিও আন আন সংখ্যালঘু লোকৰ ওপৰতো আক্ৰমণ হৈছে। বিশেষকৈ চৰকাৰ পৰিবৰ্তন হোৱাৰ পিছত ৫ আৰু ৬ আগষ্টত দেশখনৰ মুঠ ২৭ খন জিলাত হিন্দুৰ ঘৰ আৰু সম্পত্তিৰ ওপৰত আক্ৰমণ, লুণ্ঠন চলিছিল। ক্ষতিগ্ৰস্ত হৈছিল সংখ্যালঘুৰ উপাসনাস্থলী।

প্ৰতিবেদনখনত বাংলাদেশৰ খুলনাৰ ইস্কন মন্দিৰত হোৱা অগ্নি সংযোগৰ কথাও উল্লেখ কৰা আছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে দেশখনৰ হিংসাত্মক পৰিস্থিতি, আৰক্ষী থানাসমূহত হোৱা আক্ৰমণ আদি শ শ নাগৰিকৰ মৃত্যুৰ কথাও উল্লেখ কৰা হৈছে।