আন্তঃৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীঃ আৰক্ষীৰে সংঘৰ্ষত ৪ বি এন পি সদস্যৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢাকাঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত উত্তাল হৈ আছে দেশখন। মুখ্য বিৰোধী দল বি এন পি নেতৃত্বাধীন ১২ মিত্ৰজোঁটৰ দ্বাৰা আহ্বান কৰা তিনিদিনীয়া বন্ধৰ প্ৰথম দিনা মঙলবাৰে হিংসাত্মক কাৰ্যকালাপ সংঘটিত হয়। এই হিংসাত্মক কাৰ্যকালাপত ৪ জনকৈ লোকৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি ঢাকা, নাৰায়ণগঞ্জ আৰু বগ্ৰাত আৰক্ষীৰ সৈতে বি এন পি নেতা আৰু কৰ্মীসকলৰ সংঘৰ্ষ হৈছিল। সংঘৰ্ষত কেইবাজনো আৰক্ষীও আহত হৈছে।

কিশোৰগঞ্জত আৰক্ষীৰ সৈতে বি এন পি নেতা আৰু কৰ্মীসকলৰ সংঘৰ্ষ হৈছিল। বি এন পিয়ে দাবী কৰিছে যে সংঘৰ্ষত দুজন লোক নিহত হৈছে। অন্য দুই ঠাইতো দুজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এই কথা আৰক্ষীয়ে স্বীকাৰ কৰা নাই।

আৰক্ষীয়ে জনাই যে বি এন পি নেতা-কৰ্মীসকলে প্ৰথমে আৰক্ষীক আক্ৰমণ কৰিছিল। যাৰ বাবে দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়।

উল্লেখ্য যে, যোৱা পাঁচ দিনত সমগ্ৰ দেশত হাজাৰ হাজাৰ বি এন পি নেতা - কৰ্মীক গ্ৰেপ্তাৰ হৈছে। ২৮ জুলাইৰ পৰা ৪৪২ টা গোচৰ ৰুজু কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগৰ লগতে বিভিন্ন দাবী উত্থাপন কৰি দেশখনৰ মুখ্য বিৰোধী দলে প্ৰতিবাদ কৰি আছে।