আন্তঃৰাষ্ট্ৰীয়

মোজাম্বিকত ভয়ংকৰ নাও দুৰ্ঘটনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মোজাম্বিকত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাটোত শিশুসহ ৯০জন যাত্ৰীৰ মৃত্যু হৈছে। মোজাম্বিকৰ নামপুৰা প্ৰভিন্সত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

উল্লেখযোগ্য যে ফেৰীখনত সৰ্বমুঠ ১২০জন যাত্ৰী আছিল। এই পৰ্যন্ত মাত্ৰ ৫জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লুংগাৰ পৰা মোজাম্বিক দ্বীপলৈ অহাৰ সময়তে নামপুলা উপকূলত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।