তাছপাতৰ দৰে চকুৰ সন্মুখতে মুহূৰ্তত খহি পৰিল বিশ্বপ্ৰসিদ্ধ দলং... 
আন্তঃৰাষ্ট্ৰীয়

তাছপাতৰ দৰে চকুৰ সন্মুখতে মুহূৰ্তত খহি পৰিল বিশ্বপ্ৰসিদ্ধ দলং...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তাছপাতৰ ঘৰৰ দৰে কেমেৰাৰ সন্মুখতে খহি পৰিল এখন দলং। আমেৰিকাৰ মেৰিলেণ্ড প্ৰদেশৰ বাল্টিমোৰত থকা এখন দলঙত এখন মালবাহী জাহাজে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

'ফ্ৰান্সিছ স্কট কি' নামৰ এই দলঙখন আমেৰিকাৰ এখন বিখ্যাত দলং। এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বহু সংবাদ মাধ্যমৰ দাবী পাটাপস্কো নদীৰ ওপৰত থকা এই দলঙখন ভাঙি যোৱাৰ ফলত বহু লোক আৰু বাহন পানীত পৰি ডুব গৈছে।

জানিব পৰা মতে বাল্টিমোৰ বন্দৰ এৰি মালবাহী জাহাজখনে যাত্ৰা কৰাৰ সময়তে এই অঘটন সংঘটিত হয়। দলঙখন ভাঙি খহি পৰাৰ বাবে জাহাজখনো পানীৰ মাজতে আৱদ্ধ হৈ পৰে। স্থানীয় সময় অনুসৰি মঙ্গলবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনা।

এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কিমান লোক হতাহতি হৈছে তাৰ খবৰ পোৱা নাই যদিও সংবাদ মাধ্যমসমূহে দাবী কৰিছে প্ৰায় ২০ জন লোক সন্ধানহীন হৈ আছে। ইতিমধ্যে বিশ্বজুৰি এই দলঙখন ভাঙি পৰা দৃশ্য ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, ১.৬ মাইল দীঘল এই দলঙখনৰ কাষৰীয়া সকলো পথ এই দুৰ্ঘটনাৰ পাছতে বন্ধ কৰি দিয়া হৈছে। নদীখনৰে সকলোধৰণৰ জাহাজৰ চলাচলো বন্ধ কৰি দিয়া হৈছে। আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।

ইফালে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষীৰ সৈতে মাৰ্কিন উপকূলৰক্ষী বাহিনী। তেওঁলোকে তীব্ৰ গতিত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।