আন্তঃৰাষ্ট্ৰীয়

যুক্তৰাজ্যত হৰি নাম প্ৰসঙ্গৰে গুৰুজনাৰ জন্মজয়ন্তী উদযাপন

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসম সাহিত্য সভা যুক্তৰাজ্যৰ সৌজন্যত ১৯অক্টোবৰত ইংলেণ্ডৰ কিংচ লেঙ্গি কমিউনিতি চেন্টাৰত গুৰুজনাৰ ৫৭৬সংখ্যক জন্মজয়ন্তী পালন কৰা হয়।যুক্তৰাজ্য অসম সাহিত্য সভাৰ সভানেত্ৰী গীতা বৰুৱাই আদৰণি ভাষণত গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ সৰ্ম্পকত চমুকৈ ব্যক্ত কৰা লগতে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্য হাজৰিকাৰ গুৰুজনাৰ জন্মজয়ন্তীলৈ পঠোৱা শুভেচ্ছাবাণী পাঠ কৰে।

উপ-সভানেত্ৰী নিৰলা বৰুৱাই গুৰুজনাৰ সামাজিক ,ধৰ্মীয় ,সংস্কৃতি আৰু দৰ্শনৰ সন্দৰ্ভত চমুকৈ বক্তব্য দাঙি ধৰে। মঞ্জিৰা চৌধুৰীয়ে গুৰুজনাৰ ৰচিত হৰিনাম কীৰ্তনৰে আৰম্ভ কৰা অনুষ্ঠানটিত নাগৰা ,বৰতাল , খুটি তাল , খানজৰি সংগত কৰে ক্ৰমে ঋষি চৌধুৰী , তৰুণ চৌধুৰীয়ে আৰু ভানুশ্ৰী মেধিয়ে।

সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ কৰে ভৱানী কাকতি আৰু গীতোৎপলা বৰদলৈৰ নেতৃত্বত এটি ধৰ্মীয় সমৱেত সংগীতৰে। বাদ্যযন্ত্ৰত সহায় কৰে সুৰভি লাহনে । গুৰুজনাৰ ৰচিত বৰগীত পৰিৱেশন কৰে ঊৰ্বি শৰ্মা , চন্দ্ৰমিতা সভাপণ্ডিতে। উন্মনাৰ গোপিনী ৰাস সত্ৰীয়া নৃত্যই সকলো উপস্থিত দৰ্শকৰ মন আপ্লুত কৰে । অনুষ্ঠানটিৰ শেষত এখন পদ্মশ্রী ইন্দিৰা পি পি বৰা আৰু মেনকা পি পি বৰা দ্বাৰা নৃত্য ভঙ্গীমা ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হয়।

সাধাৰণ সম্পাদিকা জাহ্নৱী গগৈয়ে যুক্তৰাজ্যত গুৰুজনাৰ জন্মজয়ন্তী উদযাপনৰ আৰম্ভণি কৰা অগ্ৰজসকলৰ কথা উল্লেখ কৰে আৰু বিগত ২৫ বছৰে তেখেতসকলে কৰি যোৱা অনুষ্ঠানটিক যুক্তৰাজ্য অসম সাহিত্য সভাৰ অন্তৰ্গত উদযাপন কৰাৰ কথা জনায় । গগৈয়ে অনুষ্ঠানটিত যোগদান কৰা সকলোলৈ অন্তৰেৰে শলাগৰ শৰাই আগবঢ়ায়। তাৰোপৰি আগলৈও নিজৰ ভাষা সংস্কৃতিক গোলকীয় ভাৱে আগবঢ়ায় নিব বুলি আশা কৰে।

গীতোৎপলা বৰদলৈ আৰু ভৱানী কাকতিয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটি মাহ প্ৰসাদ আৰু অন্ন গ্ৰহনেৰে সামৰণি মাৰে ।