আন্তঃৰাষ্ট্ৰীয়

বেণ্ডিডোছ মটৰচাইকেল ক্লাবৰ বিৰুদ্ধে অভিযান : জব্দ গোলা-বাৰুদসহ গ্ৰেপ্তাৰ ৬ সদস্য

Asomiya Pratidin

ডিজিটেল ডেস্ক : বেণ্ডিডোছ মটৰচাইকেল ক্লাব নামৰ এটা বাইকাৰ গোটৰ সদস্যসকলৰ ওপৰত অষ্ট্ৰিয়া আইন প্ৰশাসনৰ অভিযান। এই অভিযানত অষ্ট্ৰিয়া আইন প্ৰৱৰ্তনকাৰীয়ে বাইকাৰ গোটটোৰ পৰা শতাধিক অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ,নিচাজাতীয় সামগ্ৰী আৰু বিভিন্ন আপত্তিজনক সামগ্ৰী জব্দ কৰে। আনহাতে বেণ্ডিডোছ মটৰচাইকেল ক্লাবৰ ৬গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অষ্ট্ৰিয়াৰ অনুসন্ধানকাৰী দল এটাই বিগত কিছুদিন ধৰি বেণ্ডিডোছ মটৰচাইকেল ক্লাবৰ সদস্যসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল। অনুসন্ধানকাৰী দলৰ সন্দেহৰ ভিত্তিতেই উক্ত বাইকাৰ গোটটোৰ ওপৰত চলোৱা হয় এক অভিযান।

আনহাতে, এই সফল অভিযানৰ বাবে মন্ত্ৰী গেৰহাৰ্ড কাৰ্ণাৰে এক সংবাদমেলযোগে অষ্ট্ৰিয়া আইন প্ৰৱৰ্তনকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে।