আন্তঃৰাষ্ট্ৰীয়

প্ৰেমে নামানে বয়সৰ সীমা, প্ৰেমে নামানে জাতি-কূল : ইটালীৰ প্ৰধানমন্ত্ৰীৰ প্ৰেমত ইলন মাস্ক মচগুল !

Asomiya Pratidin

ডিজিটেল ডেস্ক : প্ৰেমত পৰিছে বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি তথা স্পেছ এক্স, এক্সৰ মালিক ইলন মাস্ক ! ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰাজিয়া মেল’নিৰ প্ৰেমত মচগুল ইলন মাস্ক। মেল’নিক লগ পোৱাৰ পাছৰ পৰাই ৰাইজাই কৰিছে ইলন মাস্কৰ গা।

নিউয়ৰ্কৰ এটা বঁটা প্ৰদান অনুষ্ঠানত দুয়োকে অতি ঘনিষ্ঠভাৱে দেখা পোৱাৰ পাছতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক থকা খবৰে ইন্টাৰনেট জগতত আলোড়নৰ সৃষ্টি কৰিছে। ইতিমধ্যে ইলন আৰু মেল’নিৰ মাজত প্ৰেম হোৱা বুলি দাবী কৰিছে বিভিন্ন মহলে।

সামাজিক মাধ্যমত বিভিন্ন জনে দিয়া মন্তব্যৰ ক্ষেত্ৰত ইলন মাস্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই সন্দৰ্ভত ইলন মাস্কে স্পষ্ট কৰি দিয়ে যে দুয়ো ডেটিং কৰা নাই।

ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰাজিয়া মেল’নিক আটলাণ্টিক কাউন্সিল গ্ল’বেল চিটিজেন এৱাৰ্ড প্ৰদান কৰি মাস্কে কয়- জিঅ’ৰাজিয়া মেল’নিৰ দৰে বাহ্যিক সৌন্দৰ্যতকৈও আভ্যন্তৰীণ সৌন্দৰ্যৰে অধিক আকৰ্ষণীয় ব্যক্তিক সন্মান জনাবলৈ পাই তেঁও ধন্য হৈছে। লগতে তেঁও কয় যে জিঅ’ৰাজিয়া মেল’নি এগৰাকী সৎ আৰু সত্যবাদী মহিলা। এই গুণৰ আকৰ সকলো ৰাজনীতিকৰ ক্ষেত্ৰ দেখা নাযায়। ইলন মাস্কৰ এই মন্তব্যৰ পাছতে প্ৰত্যুত্তৰত মেল’নিয়ে নিজৰ এক্স একাউণ্টযোগে মাস্কক ধন্যবাদ জ্ঞাপন কৰে।