আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানৰ দুৰ্গমস্থানত দুৰ্ঘটনাগ্ৰস্ত ভাৰতৰ পৰা গৈ থকা বিমান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মস্কোলৈ গৈ থকা বিমান দুৰ্ঘটনাগ্ৰস্ত। শনিবাৰে নিশা আফগানিস্তানত দুৰ্ঘটনাতপতিত হয় বিমানখন। দাবী অনুসৰি আফগানিস্তানৰ আকাশী পথেৰে বিমানখন ৰাছিয়ালৈ গৈ আছিল। তেতিয়াই বাদাখশান প্ৰদেশত সংঘটিত হয় এই ঘটনা।

উল্লেখ্য যে, শনিবাৰে নিশা মূল পথৰ পৰা বিচ্যুত হোৱাৰ পাছতে বিমানখন বাদাখশানৰ জেবাক জিলাৰ পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাতপতিত হয় । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল।

সংবাদ সংস্থা এএনআইৰ মতে, বিমানখন মৰক্কোত পঞ্জীভুক্ত। ৰাছিয়াৰ বিমান পৰিবহন কৰ্তৃপক্ষই কৈছে যে শনিবাৰে সন্ধিয়া আফগানিস্তানৰ ওপৰৰ ৰাডাৰ স্ক্ৰীণৰ পৰা ৬ জন লোকৰ সৈতে এখন ৰাছিয়ান পঞ্জীভুক্ত বিমান নিৰুদ্দেশ হৈছিল। বিমানখন ফৰাচী নিৰ্মিত ডাচল্ট ফালকন ১০ জেট আছিল। বিমানখন ভাৰতৰ পৰা উজবেকিস্তান হৈ মস্কোলৈ যাত্ৰা কৰা এখন চাৰ্টাৰ বিমান আছিল।