আন্তঃৰাষ্ট্ৰীয়

ইউটিউবৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চুজান ৱ’জচিকি আৰু নাই

Asomiya Pratidin

ডিজিটেল ডেস্ক : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জীৱন-মৃত্যুৰে যুঁজি থকা ইউটিউবৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চুজান ৱ’জচিকি। দুদিন পূৰ্বে তেঁওৰ স্বামীয়ে এই কথা ৰাজহুৱা কৰে। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৫৬ বছৰ।

প্ৰায় এটা দশকজুৰি জনপ্ৰিয় এপ ইউটিউবৰ মুখ্য কাৰ্যবাহীৰ দায়িত্ব পালন কৰি ইউটিউৰ উত্থাপনত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল চুজানে। গুগলৰ উত্থানতো আছে এইগৰাকী প্ৰযুক্তিবিদৰ যথেষ্ট অৰিহণা।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিগত ২বছৰ ধৰি তেঁও হাঁওফাওৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল। যথেষ্ট জ্ঞানৰ অধিকাৰী হৈও অতি সহজ-সৰল জীৱন-যাপন কৰিছিল তেঁও। ৫টা সন্তানৰ মাতৃ চুজানৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগতে বিভিন্ন মহলত শোকৰ ছাঁ পৰিছে।

তেঁওৰ মৃত্যুৰ পাছতে স্বামী ডেনিছ ট্ৰপাৰে সামাজিক মাধ্যমত এটি আবেগিক প’ষ্ট কৰে। তেঁও উল্লেখ কৰে যে "মোৰ মৰমৰ পত্নী চুজান আৰু নাই। সন্তান আৰু মোক এৰি তেঁও গ’লগৈ। চুজান কেৱল মোৰ প্ৰিয় বন্ধু অথবা জীৱন সংগীয়েই নাছিল। তেঁও এগৰাকী মৰমিয়াল মাতৃও আছিল। তেঁওৰ অনুপস্থিতি মই পলে পলে অনুভৱ কৰিম।”