ব্ৰিটেইনত চলি আছে নিৰ্বাচনঃ পৰাস্ত হ'ব পাৰে ঋষি চুনাক, কনজাৰ্ভেটিভ পাৰ্টি... 
আন্তঃৰাষ্ট্ৰীয়

ব্ৰিটেইনত চলি আছে নিৰ্বাচনঃ পৰাস্ত হ'ব পাৰে ঋষি চুনাক, কনজাৰ্ভেটিভ পাৰ্টি...

৪০০ ৰো অধিক আসনেৰে লেবাৰ পাৰ্টিয়ে চৰকাৰ গঢ়াৰ সম্ভাৱনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ব্ৰিটেইনত আজি অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচন। বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ১১ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। এই নিৰ্বাচন মুঠ ৬৫০ খন আসনৰ বাবে অনুষ্ঠিত হৈছে।

আজি নিশা ১০ বজালৈকে অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ পিছতেই আৰম্ভ হ'ব ভোটগণনা প্ৰক্ৰিয়া। সেয়েহে শুকুৰবাৰে পুৱাই ব্ৰিটেইনত পৰৱৰ্তী চৰকাৰ কাৰ হ'ব সেয়া নিশ্চিত হৈ পৰিব।

দেশখনত কনজাৰ্ভেটিভ পাৰ্টীয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰশেক্ষ কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকক। তেওঁৰ বিৰুদ্ধে লেবাৰ পাৰ্টিয়ে প্ৰক্ষেপ কৰিছে কেইৰ ষ্টাৰমাক।   

ভোটগ্ৰহণৰ পূৰ্বে ব্ৰিটেইনত এইবাৰ কাৰ চৰকাৰ হ’ব সেই সন্দৰ্ভত একাধিক সমীক্ষা প্ৰকাশ পাইছিল। সেই অনুসৰি ১৪ বছৰ পুৰণি কনজাৰ্ভেটিভ পাৰ্টিৰ চৰকাৰ এইবাৰ পতন হোৱাৰ সম্ভাৱনা আছে।

পুনৰ ক্ষমতা দখল কৰিব লেবাৰ পাৰ্টিয়ে। এই সমীক্ষা অনুসৰি ব্ৰিটেইনৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে কনজাৰ্ভেটিভ পাৰ্টিয়ে আটাইতকৈ বেয়া প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে।

দলটোৱে জনতাৰ আস্থা সম্পূৰ্ণৰূপে হেৰুৱাইছে। আনকি দলটোৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা প্ৰধানমন্ত্ৰী ঋষি চুনাকে তেওঁৰ নিজৰ কেন্দ্ৰ ৰিচমণ্ডতে পৰাস্ত হোৱাৰ সম্ভাৱনা আছে।

দলটোৱে এইবাৰ ৬৫০ খন আসনৰ ভিতৰত ১০০ খন আসনো দখল কৰিব নোৱাৰিব বুলিয়েই সমীক্ষাত প্ৰকাশ পাইছে। দেশখনত ৪০০ ৰো অধিক আসনেৰে লেবাৰ পাৰ্টিয়ে পুনৰ চৰকাৰ গঢ়িব বুলি প্ৰায় নিশ্চিত হৈ আছে।

অৱশ্যে তাৰ পাছতো দলটোৰ নেতা কেইৰ ষ্টাৰমাকো চিন্তিত হৈ আছে। কিয়নো কৃষ্ণাংগ ভোটাৰসকলে অভিবাসী বিৰোধী সমৰ্থনৰ বাবে লেবাৰ পাৰ্টিৰ পৰিবৰ্তে কনজাৰ্ভেটিভ পাৰ্টিৰ ফালে ধাৱমান হোৱাৰো সম্ভাৱনা নথকা নহয়।

তাৰোপৰি ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বহু কট্টৰপন্থী দলে এইবাৰ ভোট লাভ কৰিব পাৰে। এইবাৰ নিৰ্বাচনত সৰ্বাধিক ৯৮ টা দলে প্ৰতিদ্বন্দিতা কৰিছে আৰু মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৪ হাজাৰ ৫১৫ গৰাকী।

ব্ৰিটেইনৰ নিৰ্বাচনী পৰম্পৰা অনুসৰি, এটা দলে মুঠ ৬৫০ খন আসনৰ ভিতৰত ৩২৬ খন আসনত জয় লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে আৰু সেই দলৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিব পাৰে। কিন্তু যদিহে সংখ্যাগৰিষ্ঠতা নাপায়, বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়েই পুনৰ চৰকাৰ গঠনৰ বাবে প্ৰথম সুযোগ লাভ কৰিব।