আন্তঃৰাষ্ট্ৰীয়

হেৰী প'টাৰৰ অভিনেতা মাইকেল গেম্বন আৰু নাই

Asomiya Pratidin

ডিজিটেল ডেস্ক : হলিউডৰ প্ৰখ্যাত অভিনেতা মাইকেল গেম্বন আৰু নাই। ২৮ ছেপ্তেম্বৰৰ দিনা জীৱন নাট সামৰি অজান দেশলৈ গতি কৰিলে যশস্বী অভিনেতা গেম্বনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ।

কোনে পাহৰিব পাৰিব হেৰী প'টাৰৰ সেই প্ৰ'ফেচৰ ডাম্বলড'ৰৰ চৰিত্ৰটো। বিশ্ব বিখ্যাত হলিউডে তেওঁক মৰমতে মাতিছিল- 'দ্যা গ্ৰেট গেম্বন' বুলি। ১৯৬৫ চনৰ পৰাই আৰম্ভ কৰিছিল চলচ্চিত্ৰত অভিনয় যাত্ৰা।

'অথেলো' ছবিৰ জৰিয়তে তেওঁ চিনেমাত অভিনয়ৰ পাতনি মেলিছিল। অভিনয়ৰ প্ৰতি দুৰ্বাৰ হেঁপাহৰ বাবেই কিশোৰ অৱস্থাতে বাদ দিছিল পঢ়া-শুনা।

উল্লেখ্য যে,মঞ্চৰ দ্বাৰাই অংকুৰিত হৈছিল অভিনয়ৰ বীজ। মঞ্চখনেই আছিল তেওঁৰ বাবে ঘৰ।

অভিনয়ৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা। অভিনয় তেওঁৰ তেজত আছিল। উল্লেখযোগ্য যে ১৯৪০ চনৰ ১৯ অক্টোবৰত আয়াৰলেণ্ডত মাইকেল গেম্বনে জন্মগ্ৰহণ কৰিছিল।