তেল আভিভত ৪০০ মিছাইল আক্ৰমণঃ মধ্যপ্ৰাচ্যত বাজিছে যুদ্ধৰ দামামা... 
আন্তঃৰাষ্ট্ৰীয়

তেল আভিভত ৪০০ মিছাইল আক্ৰমণঃ মধ্যপ্ৰাচ্যত বাজিছে যুদ্ধৰ দামামা...

ইৰাণক যুদ্ধৰ বাবে সাজু হ'বলৈ আহ্বান ইজৰাইলৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ আন এখন ভয়াৱহ যুদ্ধই গা কৰি উঠিছে ! উত্তপ্ত হৈ আছে মধ্যপ্ৰাচ্য। হিজবুল্লাহ নেতা হাছান নাছৰাল্লাৰ মৃত্যুৰ প্ৰতিশোধ স্বৰূপে ইজৰাইলৰ ওপৰত প্ৰায় ৪০০ মিছাইল আক্ৰমণ কৰা হৈছে।

খবৰ অনুসৰি তেল আভিভ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। উল্লেখ্য যে, ইজৰাইলে ইৰাণত আক্ৰমণ কৰি শনিবাৰে হিজবুল্লাহৰ নেতা হাছান নাছৰাল্লা আৰু তেওঁৰ কন্যাক হত্যা কৰিছিল। ইয়াৰ পিছতে ইৰানে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছিল।

নাছৰাল্লাৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ইয়াৰ প্ৰতিবাদত তেহৰাণত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছিল। প্ৰতিবাদকাৰীসকলে দাবী কৰিছিল ইৰাণ সমৰ্থিত উগ্ৰপন্থী গোটৰ শীৰ্ষ নেতাজনৰ মৃত্যুৰ প্ৰতিশোধ ল'ব।

মঙ্গলবাৰে নিশা আকাশীপথেৰে তেল আভিভক লক্ষ্য কৰি লয় ইৰাণে। তেল আভিভক লক্ষ্য কৰি ৪০০ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰে। ফলত যথেষ্ট সংখ্যক হতাহতিৰ খবৰ আহিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক বাৰ্তাত দেশৰ নাগৰিকসকলক সতৰ্ক কৰি দিছে। সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। তেওঁলোকক সেনা কামাণ্ডাৰৰ নিৰ্দেশ অনুসৰণ কৰিবলৈ কোৱা হৈছে।

তেল আভিভত ঘনে ঘনে বাজিছে যুদ্ধৰ ছাইৰেন। বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। খবৰ অনুসৰি গোপণ বাংকাৰত ইজৰাইলৰ নিৰাপত্তা বিষয়ক মন্ত্ৰীসভাৰ বৈঠকো বহিছে।

ইজৰাইল চৰকাৰে তেল আভিভত হোৱা আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰৰ বাবে সাজু থাকিবলৈয়ো হুংকাৰ দিছে। এনে পৰিস্থিতিত মধ্যপ্ৰাচ্যত এতিয়া আন এখন যুদ্ধ নিশ্চিত হৈ পৰিছে।