লেবাননত ইজৰাইলৰ সামৰিক বাহিনীৰ আক্ৰমণ... 
আন্তঃৰাষ্ট্ৰীয়

লেবাননত ইজৰাইলৰ সামৰিক বাহিনীৰ আক্ৰমণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইজৰাইলৰ সামৰিক বাহিনীয়ে লেবাননত থকা হিজবুল্লাহৰ ঘাটিত আক্ৰমণ কৰিছে। ইয়াৰ পিছতে ইজৰাইলী সেনাৰ যুদ্ধ বিমানেৰে চলোৱা এই আক্ৰমণক আত্মৰক্ষাৰ এক পন্থা বুলি উল্লেখ কৰা হৈছে।

ইজৰাইলৰ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে লেবাননৰ পৰা হিজবুল্লাহে মিছাইল আক্ৰমণ আৰু ৰকেট ফায়াৰ কৰাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীয়ে এই সন্দৰ্ভত কয়, "হিজবুল্লাহৰ ক্ষেপণাস্ত্ৰ আৰু ৰকেট আক্ৰমণ প্ৰতিহত কৰিবলৈ আমি আত্মৰক্ষাৰ বাবে লেবানন আক্ৰমণ কৰিছো।"

ইজৰাইলৰ ফালৰ পৰা লগতে কোৱা হৈছে যে, লেবানন আক্ৰমণ কৰাৰ পূৰ্বে, সাধাৰণ লোকসকলক তৎক্ষণাৎ হিজবুল্লাহ অধ্যুষিত অঞ্চল ত্যাগ কৰিবলৈ সতৰ্ক কৰি দিয়া হৈছিল। উল্লেখ্য যে, প্ৰায় তিনি দিন পূৰ্বে ইজৰাইলী সেনাই দক্ষিণ লেবাননত হিজবুল্লাহৰ ১০ টা ঘাটি লক্ষ্য কৰি লৈছিল।

ইজৰাইলী যুঁজাৰু বিমানে লেবাননৰ ভিতৰত অস্ত্ৰ ভাণ্ডাৰ আৰু সামৰিক ভৱনকো লক্ষ্য কৰি লৈছিল। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা এই আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে ৩০ জন লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে।

একে সময়তে হিজবুল্লাহে এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে গোলান হাইটছ অঞ্চলত ৫০ টাতকৈও অধিক মিছাইল নিক্ষেপ কৰিছে। হিজবুল্লাহৰ ফালৰ পৰা এই সন্দৰ্ভত কৈছে যে তেওঁলোকৰ সামৰিক কমাণ্ডাৰৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ইজৰাইলত ড্ৰোণ আৰু মিছাইলৰে আক্ৰমণ কৰিছে।

এনে পৰিস্থিতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তেওঁৰ মন্ত্ৰীসভাৰ জৰুৰী কালীন নিৰাপত্তা বৈঠক আহ্বান কৰিছে।