আন্তঃৰাষ্ট্ৰীয়

ইজৰাইল-হামাছৰ যুদ্ধত সাংবাদিকৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দক্ষিণ লেবাননত ইজৰাইলৰ দিশৰ পৰা নিক্ষেপ কৰা মিছাইলৰ আঘাতত ৰয়টাৰৰ এজন ভিডিঅ’ সাংবাদিক ইছাম আব্দাল্লাহ নিহত হোৱাৰ লগতে আন ৬জন সাংবাদিক আহত হয়। সংবাদ সংস্থা ৰয়টাৰৰ এজন ভিডিঅ সাংবাদিকে এই কথা প্ৰকাশ কৰে।

জানিব পৰা মতে, আল জাজিৰা আৰু এজেন্স ফ্ৰান্স-প্ৰেছকে ধৰি কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকৰ দলে ইজৰাইল সীমান্তৰ ওচৰৰ আলমা আল-ছাবৰ ওচৰত কাম কৰি আছিল। উক্ত স্থানৰ সমীপতে ইজৰাইলৰ সেনা আৰু লেবাননৰ মিলিচীয়া হিজবুল্লাৰ মাজত গুলীয়া-গুলী চলি আছিল।

ৰয়টাৰে এক বিবৃতিযোগে প্ৰকাশ কৰিছে যে, সম্প্ৰচাৰকসকলক লাইভ ভিডিঅ’ চিগনেল প্ৰদান কৰি থকাৰ সময়তে ইছাম আব্দুল্লাক হত্যা কৰা হৈছে। এটা পাহাৰৰ ঢাললৈ কেমেৰাটো আঙুলিয়াই দিয়াৰ লগে লগে এটা ডাঙৰ বিস্ফোৰণে কেমেৰাটোত ভয়ংকৰ কম্পন হৈছিল আৰু বতাহ ধোঁৱাৰে ভৰি পৰা ছবি দৃশ্যমান হোৱাৰ লগতে আৰু চিঞৰ-বাখৰ শুনা গৈছিল।

এই ঘটনাত ৰয়টাৰৰ আন দুজন সাংবাদিক থায়েৰ আল-ছুডানী আৰু মাহেৰ নাজেহ আহত হৈ আৰু চিকিৎসাধীন হৈ আছিল যদিও বৰ্তমান তেওঁলোকক মুকলি কৰি দিয়া হৈছে বুলি ৰয়টাৰে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, লেবাননৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটি আৰু হিজবুল্লাহৰ এজন সাংসদে এই ঘটনাৰ বাবে ইজৰাইলক জগৰীয়া কৰে।

এই সন্দৰ্ভত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে স্পস্তভাৱে কোনো মন্তব্য কৰা নাই যদিও ইচ্ছাকৃতভাৱে তেওঁলোকে এনে কাম নকৰে বুলি উল্লেখ কৰি দেশে এই বিষয়ে তদন্ত কৰিব বুলি মন্তব্য কৰে।