বাংলাদেশতো নিষিদ্ধ হ'ল জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ সংগঠন...   
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশতো নিষিদ্ধ হ'ল জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ সংগঠন...  

Asomiya Pratidin

মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশৰ ৰজনীতিত ইছলামিক ৰাজনৈতিক দলসমূহৰ ভিতৰত সকলোতকৈ শক্তিশালী বাংলাদেশ জামাত-ই- ছলামী আৰু ইয়াৰ ছাত্ৰ সংগঠন বাংলাদেশ ইছলামী ছাত্ৰ শিবিৰসহ দলটোৰ বিভিন্ন শাখাৰ সকলো ৰাজনৈতিক কাম-কাজ নিষিদ্ধ ঘোষণা কৰিছে শ্বেইখ হাছিনা চৰকাৰে। ১ আগষ্ট, ২০২৪ ত এই সন্দৰ্ভত বাংলাদেশৰ গৃহ মন্ত্ৰালয়ৰ ৰাজহুৱা সুৰক্ষা বিভাগৰ সচিব জাহাংগীৰ আলমৰ দ্বাৰা স্বাক্ষৰিত এক গেজেট অধিসূচনা জাৰি কৰা হৈছ।

এই অধিসূচনাত কোৱা হৈছে যে, "চৰকাৰে বাংলাদেশ জামাত-ই-ইছলামী, বাংলাদেশ ইছলামী ছাত্ৰ শিবিৰ আৰু ইয়াৰ অধীনস্থ সকলো সংগঠনকে সন্ত্ৰাসবাদ বিৰোধী আইন-২০০৯ৰ ১৮ (১) ধাৰাৰ অধীনত তেওঁলোকক ৰাজনৈতিক দল আৰু সংগঠন হিচাপে নিষিদ্ধ ঘোষণা কৰা কৰিছে"। এই গেজেট অধিসূচনা তৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব বুলিও কোৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু তেওঁৰ চৰকাৰে জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ সংগঠন ইছলামী ছাত্ৰ শিবিৰক চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাক লৈ শেহতীয়াকৈ শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক কাৰ্যকলাপৰ বাবে দোষাৰোপ কৰিছে।, যোৱা কেই সপ্তাহমানত বাংলাদেশত হোৱা এই হিংসাত্মক প্ৰতিবাদৰ ফলতে ২০০ ৰো অধিক লোক নিহত হৈছে আৰু হাজাৰ হাজাৰ লোক আহত হৈছে।

উল্লেখযোগ্য যে বাংলাদেশত ইয়াৰ পূৰ্বেও এবাৰ এই দলটোক নিষিদ্ধ কৰা হৈছিল। ১৯৭১ চনত বাংলাদেশৰ স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত মুক্তি যুদ্ধাৰ বিৰুদ্ধে গণহত্যাত লিপ্ত হোৱাৰ লগতে ইয়াত সহযোগিতা কৰাৰ বাবে আৱামী লীগ চৰকাৰে জামাত-ই-ইছলামীক ৰাজনীতিৰ পৰা নিষিদ্ধ কৰিছিল।

২০১০ চনত আৱামী লীগ নেতৃত্বাধীন চৰকাৰে ১৯৭১ চনত আন্তৰ্জাতিক যুদ্ধ অপৰাধ ন্যায়াধিকৰণৰ জৰিয়তে গণহত্যাৰ অভিযোগত অভিযুক্ত যুদ্ধ অপৰাধীৰ বিচাৰ আৰম্ভ কৰিছিল। ২০১২ চনৰ ভিতৰত দুই বি এন পি নেতা আৰু জামাত-ই-ইছলামীৰ পূৰ্বৰ তথা বৰ্তমানৰ বহু কেইজন নেতা, সদস্যৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ গোচৰ ৰুজু কৰিছিল। ২০১৩ চনৰ জুলাই মাহলৈকে বিচাৰৰ মাজতে জামাত-ই-ইছলামীৰ প্ৰাক্তন সদস্যসহ বহু কেইজন অভিযুক্তক দোষী সাব্যস্ত কৰা হয়। ইয়াৰে এজনক আজীৱন কাৰাদণ্ড আৰু এজনক ৯০ বছৰৰ কাৰাদণ্ড দিয়া হয়।

মন কৰিবলগীয়া যে, সোমবাৰে আৱামী লীগৰ নেতৃত্বত ১৪ দলীয় মিত্ৰজোঁটে গনণ ভৱনত আৱামী লীগৰ সভাপতি তথা প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই সংগঠন কেইটাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱ দিছিল।

এই বৈঠকতে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই সংৰক্ষণ সংস্কাৰ আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে এই সংগঠন কেইটাৰ লগতে বি এন পিক দোষাৰোপ কৰি এয়া তেওঁলোকৰ দ্বাৰা সংগঠিত উগ্ৰপন্থী কাৰ্যকলাপ বুলি উল্লেখ কৰিছিল। তেওঁ কৈছিল বংলাদেশত সংঘটিত হৈ থকা ঘটনাবোৰ ৰাজনৈতিক নহয়, উগ্ৰপন্থীৰ ঘটনা।

বাংলাদেশ স্বাধীন হোৱাৰ পাছত ১৯৭২ চনৰ পৰা সংবিধান অনুসৰি দেশখনত ধৰ্মৰ ভিত্তিত যিকোনো সংগঠন, সংঘ বা ৰাজনৈতিক দল গঠন আৰু কাৰ্যকলাপ নিষিদ্ধ কৰিছে। জামাত-ই-ইছলামী নামৰ সংগঠনটোৱে বাংলাদেশৰ স্বাধীনতাৰ বিৰোধিতা কৰিছিল। ১৯৭২ চনত ধৰ্মীয় দলসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতেই ৰাজনৈতিক ক্ষেত্ৰখনত জামাতো নিষিদ্ধ হৈ পৰে।

কিন্তু ১৯৭৫ চনত শাসনলৈ অহাৰ পিছত জেনেৰেল জিয়াউৰ ৰহমানে সামৰিক আইন জাৰি কৰে।ফলত  ধৰ্মীয় সংগঠনবোৰক পুনৰ গঠন আৰু কাম-কাজ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়। অৱশ্যে, জিয়াউৰ ৰহমানে দেশখনৰ বিশেষ ক্ষমতা আইন-১৯৪৭ত কোনো পৰিৱৰ্তন কৰা নাছিল। তাৰ পিছত, জামাতে ক্ৰমান্বয়ে কাম-কাজ আৰম্ভ কৰি শক্তি বৃদ্ধিৰে এটা পৰ্যায়ত দেশৰ সৰ্ববৃহৎ ইছলামিক দল হিচাপে পৰিগণিত হৈ পৰে।

১৯৮৬ চনৰ নিৰ্বাচনত  জামাতে প্ৰতিদ্বন্দিতা কৰি ১০ খন আসন লাভ কৰিছিল। ১৯৯১ চনলৈ সেই সংখ্যা ১৮ লৈ বৃদ্ধি হৈছিল। ২০০১ চনৰ সাধাৰণ নিৰ্বাচনত জামাত-ই-ইছলামীয়ে বি এন পিকে ধৰি চাৰিদলীয় মিত্ৰজোঁটৰ অংশ হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। এই নিৰ্বাচনত দলটোৱে মুঠ ১৭ খন আসন লাভ কৰিছিল।

ইফালে ২০১৪ চনত  জামাত নেতা দেলৱাৰ হোছেইন চৈয়দী আৰু আন দুজন নেতাক মৃত্যুদণ্ড দিয়া হৈছিল। ভাৰতত ২০১৯ চনত জামাত-ই-ইছলামীক নিষিদ্ধ কৰা হৈছে। ৰাছিয়াত এই সংগঠনটো ২০০৩ চনৰে পৰা ৰাছিয়াত নিষিদ্ধ হৈ আছে।