আন্তঃৰাষ্ট্ৰীয়

মোডীক অপমান কৰি সংকটত মালদ্বীপ! ভাৰতীয়লৈ কৰিছে বিশেষ আহ্বান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পাছতেই বৰ্খাস্ত হৈছিল মালদ্বীপ চৰকাৰৰ ৩ মন্ত্ৰী। ইয়াৰ পাছৰ পৰা ভাৰত-মালদ্বীপৰ মাজত বিবাদ আৰম্ভ হৈছিল। এই বিবাদ এতিয়াও শাম কটা নাই।

ভাৰতীয় পৰ্যটক সকলে বাতিল কৰিছে মালদ্বীপ ভ্ৰমণৰ কাৰ্যসূচী। মালদ্বীপৰ এটা মুখ্য পৰ্যটন সংস্থাই ভাৰতৰ ভ্ৰমণ এগ্ৰিগেটৰ ইজি মাইট্ৰিপক বিমান বুকিং পুনৰ খুলিবলৈ আহ্বান জনাইছে।

মালদ্বীপ এছ'চিয়েশ্যন অৱ ট্যুৰ এণ্ড ট্ৰেভেল অপাৰেটৰে মঙলবাৰে ইজি মাইট্ৰিপক "দুখজনক" মন্তব্যৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনায়। লগতে কয় যে, তেনে মন্তব্যই মালদ্বীপৰ জনসাধাৰণৰ অনুভূতিক প্ৰতিফলন নকৰে।

লগতে কয় যে, "পৰ্যটন হৈছে মালদ্বীপৰ প্ৰাণ, যি আমাৰ জিডিপিৰ দুই-তৃতীয়াংশতকৈও অধিক অৰিহণা যোগায়। ই প্ৰায় ৪৪,০০০ মালদ্বীপবাসীক জীৱিকা প্ৰদান কৰে। পৰ্যটনৰ ওপৰত সাম্ভাব্য বিৰূপ প্ৰভাৱ আমাৰ অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। MATATO ই ভাৰতীয় পৰ্যটকসকলক "মালদ্বীপৰ পৰ্যটন খণ্ডৰ সফলতাৰ এক অপৰিহাৰ্য শক্তি বুলি উল্লেখ কৰিছে।

মালদ্বীপ পৰ্যটন মন্ত্ৰালয়ৰ মতে, যোৱা বছৰ ২ লাখতকৈও অধিক ভাৰতীয়ই মালদ্বীপ ভ্ৰমণ কৰিছিল আৰু যোৱাল ২ বছৰত ৪.৫ লাখতকৈও অধিক ভাৰতীয়ই মালদ্বীপ ভ্ৰমণ কৰিছিল। কৰোনা মহামাৰীৰ সময়ত, মালদ্বীপ পৰ্যটকৰ বাবে মুকলি থকা দেশবোৰৰ ভিতৰত আছিল। সেই সময়ত প্ৰায় ৬৩,০০০ ভাৰতীয় মালদ্বীপ ভ্ৰমণ কৰিবলৈ আহিছিল।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক্ষ্যদ্বীপ ভ্ৰমণৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। তাৰ পাছতেই মালদ্বীপ নেতাই মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। এই সকলোবোৰৰ পাছত ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছিল বয়কট মালদ্বীপ ট্ৰেণ্ড। ইতিমধ্যে বহু হাজাৰ ভাৰতীয়ই বাতিল কৰিলে মালদ্বীপ ভ্ৰমণৰ কাৰ্যসূচী। যাৰ বাবে মালদ্বীপৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে।