আন্তঃৰাষ্ট্ৰীয়

মৰক্কোত কান্দোনৰ ৰোলঃ ৬ শতাধিকলৈ বৃদ্ধি মৃতকৰ সংখ্যা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৬ শতাধিকলৈ বৃদ্ধি পালে মৰক্কোৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা। শুকুৰবাৰে নিশা এক বৃহৎ ভূমিকম্পই জোকাৰি যায় উত্তৰ আফ্ৰিকাৰ মৰক্কোৰ নগৰ-চহৰক। এই ভূমিকম্পত প্ৰথমাবস্থাত ২৯৬জন লোক নিহত হোৱাৰ খবৰ আহিছিল যদিও বৰ্তমান মৃতকৰ সংখ্যা ৬৩২জনলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ আছিল এই ভূমিকম্প। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত উৎপন্ন হয়। মৰক্কোৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প।

অৱশ্যে বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত থকাত নিহত তথা আহতৰ সংখ্যা এই পৰ্যন্ত আনুষ্ঠানিকভাবে প্ৰকাশ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। ঠায়ে ঠায়ে বিস্তৰ ক্ষয়-ক্ষতি হোৱা দেশখনত পৰৱৰ্তী পৰ্যায়ত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।