আন্তঃৰাষ্ট্ৰীয়

ভূটানত উপস্থিত নৰেন্দ্ৰ মোডী...

Asomiya Pratidin

ডিজিটেল সংবাদঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। শুকুৰবাৰে পুৱা ভূটানৰ পাৰো বিমানবন্দৰত প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেইয়ে নৰেন্দ্ৰ মো়ডীক আদৰণি জনায়।

উল্লেখযোগ্য যে প্ৰতিকূল বতৰৰ বাবে ২১ তাৰিখৰ প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমাণ বাটিল কৰা হৈছিল। ভাৰত-ভূটানৰ অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ভূটানত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ভূটানৰ ৰজা আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোডীয়ে । সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোডীৰ এই ভূটান ভ্ৰমণ দেশৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ।