আন্তঃৰাষ্ট্ৰীয়

ই-ৰিক্সা নহয় : এইবাৰ আকাশ মাৰ্গত নাছাৰ অভিনৱ সৃষ্টি ইলেক্ট্ৰিক বিমান

Asomiya Pratidin

ডিজিটেল ডেস্ক: National Aeronautics and Space Administration চমুকৈ নাছা।১৯৫৮ চনতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত স্থাপন কৰা হৈছিল এই মহাকাশ গৱেষণা প্ৰতিষ্ঠানটি।

মহাকাশ গৱেষণা অথবা মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপণৰ সফলতাৰ দিশৰ পৰা ঊৰ্দ্ধত নাছা। নাছাৰ বিষয়ে নজনা অথবা নুশুনা মানুহৰ সংখ্যা অতি নগণ্য। সেয়ে ইয়াৰ বিষয়ে নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই।

সম্প্ৰতি নাছাৰ অভিনৱ সৃষ্টি হ'বলৈ গৈ আছে বৈদ্যুতিক বিমান নিৰ্মাণৰ পৰিকল্পনা। অনাগত ২০৫০ চনৰ ভিতৰত বিশ্বৰ বিমান খণ্ডত বৈদ্যুতিক বিমান চলাচলৰ বাবে লৈছে বিশেষ পৰিকল্পনা।

নাছাৰ এক্স-৫৭ প্ৰকল্পৰ অধীনত এদল কাৰিকৰী প্ৰযুক্তিৰ বিশেষজ্ঞ, বিজ্ঞানী, অভিযন্তা আদি বিভাগীয় কৰ্তৃপক্ষই দিনে-নিশাই চলাই আছে বৈদ্যুতিক বিমানৰ প্ৰস্তুতি কাৰ্য। উল্লেখ্য যে, নাছাৰ এক্স-৫৭ প্ৰকল্প অনুসৰি নিৰ্মীয়মাণ প্ৰথমখন বৈদ্যুতিক বিমান পৰীক্ষামূলক উৰণ বাবে চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহতে কাৰ্যকৰী হ'ব।

অৱশ্যে এই বিমানখনৰ কিছু কাৰিকৰী প্ৰযুক্তিৰ বাবে কিছুদিন পিচতহে আনুষ্ঠানিকভাৱে উৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। এই বিমানখনত প্ৰথমাৱস্থাত লিথিয়াম-আয়নযুক্ত বেটাৰি ব্যৱহাৰ কৰিছিল যদিও পিচৰ পৰ্যায়ত ইয়াক সলনি কৰে।

বিশেষজ্ঞৰ ভাষ্য অনুসৰি লিথিয়াম-আয়নযুক্ত বেটাৰিয়ে অত্যাধিক উষ্ণতা নিষ্কাশন কৰাৰ ফলত সোনকালে গৰম হয়। সেয়ে বিমানখনত লিথিয়াম-আয়নযুক্ত বেটাৰিৰ সলনি অইন পদ্ধতি অৱলম্বন কৰে।