আন্তঃৰাষ্ট্ৰীয়

লেবাননত ধাৰাবাহিক বিস্ফোৰণত নিহত ৯জন, দুই সহস্ৰাধিক আহত

Asomiya Pratidin

ডিজিটেল ডেস্ক : লেবাননত সংঘটিত হৈছে ধাৰাবাহিক পেজাৰ বিস্ফোৰণৰ ঘটনা। ২৪ ঘণ্টাত শ শ পেজাৰ বিস্ফোৰণৰ ফলত হিজবুল্লাহ গোটৰ শিশুসহ ৯জন লোক নিহত হোৱাৰ লগতে ২,৭৫০ গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

তাৰোপৰি এই ঘটনাত হিজবুল্লা গোটৰ কেইবাজনো কামাণ্ডাৰ আঘাতপ্ৰাপ্ত হৈছে। ইৰানৰ ৰাষ্ট্ৰদূত মেজিটোমা আবাণীয়ো এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা বুলি এক সূত্ৰত প্ৰকাশ।

আহতসকলৰ ভিতৰত ২০০ৰো অধিক লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। হিজবুল্লা গোটে দাবী কৰা অনুসৰি ইজৰাইলৰ চোৰাংচোৱা সংস্থাই সংগঠনটোক ধ্বংশ কৰাৰ বাবে শ শ পেজাৰত বিস্ফোৰক সংৰোপিত কৰিছিল। অৱশ্যে এতিয়ালৈকে ইয়াৰ প্ৰামাণিক তথ্য আহি পৰা নাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পেজাৰ ডিভাইছ হৈছে জৰুৰী বাৰ্তা প্ৰেৰণৰ এক মাধ্যম। ই কেইবা প্ৰকাৰৰো আছে। হিজবুল্লাই পেজাৰ নিৰ্মাণ কৰিবলৈ দিয়া ইজৰাইলী সংস্থাই বিস্ফোৰক সংৰোপিত কৰাৰ ফলত এই ঘটনা সংগঘটিত হোৱা বুলি দাবী কৰে।