নোবেলজয়ী অর্থনীতিবিদ ড° মহম্মদ ইউনুছসহ চাৰিগৰাকীক কাৰাদণ্ড... 
আন্তঃৰাষ্ট্ৰীয়

নোবেলজয়ী অর্থনীতিবিদ ড° মহম্মদ ইউনুছসহ চাৰিগৰাকীক কাৰাদণ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢাকাঃ শ্রম আইন উলংঘাৰ গোচৰত বাংলাদেশৰ নোবেল বিজয়ী অর্থনীতিবিদ ড° মহম্মদ ইউনুছক ছমাহৰ বাবে বিনাশ্ৰম কাৰাদণ্ড বিহা হৈছে। তেওঁৰ সৈতে আন তিনিজনক লোককো বিনাশ্ৰম কাৰাদণ্ড বিহিছে বাংলাদেশৰ আদালতে।

বাংলাদেশৰ গ্রামীণ টেলিকমৰ অধ্যক্ষ ড০ মহম্মদ ইউনুছৰ লগতে আনকেইজনৰ প্রত্যেককে ত্রিশ হেজাৰ টকাকৈ জৰিমনাও বিহা হৈছে। অৱশ্যে এমাহৰ ভিতৰত আপীল কৰাৰ চৰ্তত ড° ইউনুছক জামিন মঞ্জুৰ কৰিছে আদালতে।

সোমবাৰে ঢাকাৰ শ্রম আদালতৰ বিচাৰক শ্বেখ মেৰিনা চুলতানাই এই ৰায় ঘোষণা কৰে। এই গোচৰৰ শাস্তিপ্রাপ্ত অন্যান্য অভিযুক্তসকল হৈছে ক্রমে গ্রামীণ টেলিকমৰ পৰিচালন সঞ্চালক আশ্রাফুল হাছান, পৰিচালক নূৰজাহান বেগম আৰু মহম্মদ ছাহজাহান।

ৰায়ৰ পৰ্যবেক্ষণত আদালতে কয় যে, আচামী পক্ষৰ আইনজীৱীসকলে প্রথম আচামীৰ বিষয়ে প্রশংসাসূচক বক্তব্য উপস্থাপন কৰিছে। আদালতৰ মতে আদালতত নোবেলজয়ী ড° ইউনুছৰ বিচাৰ হোৱা নাই, গ্রামীণ টেলিকমৰ অধ্যক্ষ হিচাপেহে বিচাৰ হৈছে।