বিদেশত পাকিস্তানী অপহৰণকাৰীৰ লক্ষ্য হৈ পৰিছে ভাৰতীয়... 
আন্তঃৰাষ্ট্ৰীয়

বিদেশত পাকিস্তানী অপহৰণকাৰীৰ লক্ষ্য হৈ পৰিছে ভাৰতীয়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিদেশত বাস কৰা ভাৰতীয় লক্ষ্য হৈ পৰিছে পাকিস্তানী অপহৰণকাৰীৰ। প্ৰৱাসী ভাৰতীয় নাগৰিকক অপহৰণ কৰি মুক্তিপণ দাবী কৰিছে পাকিস্তানৰ অপহৰণকাৰীয়ে।

তুৰস্ক আৰু কম্বোডিয়াত বৃদ্ধি পাইছে এই ঘটনা। কেৱল ভাৰতীয়ই নহয় পাকিস্তানী অপহৰণকাৰীৰ কৱলত পৰিছে শ্ৰীলংকা, নেপালৰো নাগৰিক।

ৰয়টাৰ্ছৰ এক সূত্ৰ অনুসৰি চলিত বছৰৰ মে’ মাহত এনে এক ঘটনা সংঘটিত হৈছে। কৰ্মসূত্ৰে তুৰস্কত থকা ভাৰতীয়ক অপহৰণ কৰিছে তিনি পাকিস্তানী নাগৰিকে। জানিব পৰা মতে ইস্তানবুলৰ এখন ৰেষ্টুৰেণ্টত বাচন-বৰ্তন ধোৱাৰ কাম কৰা ৰাধাকৃষ্ণণ নামৰ এগৰাকী ভাৰতীয়ক তিনি পাকিস্তানী লোকে আন এখন চহৰত মোটা অংকৰ দৰমহাৰ চাকৰি দিয়াৰ নামত লৈ যায়।

তাৰ পিছতেই তিনিও পাকিস্তানীয়ে ৰাধাকৃষ্ণণক অপহৰণ কৰে আৰু তাৰ ভিডিঅ’ প্ৰস্তুত কৰে। এই ভিডিঅ’ ৰাধাকৃষ্ণণৰ ভাৰতত থকা পৰিয়ালৰ লোকলৈ প্ৰেৰণ কৰে আৰু মুক্তিপণ হিচাপে ২০ লাখ টকা দাবী কৰে।

তিনি অপহৰণকাৰীয়ে ৰাধাকৃষ্ণণক প্ৰায় ৩ সপ্তাহ ধৰি হাত, ভৰি বান্ধি বন্দী কৰি ৰাখে। অৱশ্যে যি উদ্দেশ্যৰে তেওঁলোকে এই অপহৰণকাণ্ড সংঘটিত কৰিছিল সেই উদ্দেশ্য পূৰণ নহ’ল।

এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে তিনি পাকিস্তানী অপহৰণকাৰীকে গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা পিষ্টলো। এনে ধৰণৰ আন এক ঘটনা সংঘটিত হৈছে কম্বোডিয়াত।

ইয়াত বিন নাছেৰ আৰু ছৈয়িদ আলী হুছেইন নামৰ দুই ভাৰতীয়ক যোৱা ২৫ এপ্ৰিলত অপহৰণ কৰিছিল পাকিস্তানীয়ে। প্ৰায় ৩ সপ্তাহ ধৰি দুই ভাৰতীয়ৰে চকু বান্ধি থোৱাৰ লগতে মাৰধৰো কৰিছিল।

অপহৰণকাৰীয়ে কাঢ়ি লৈছিল পাছপোৰ্টো। দুয়োৰে মুক্তিপণ হিচাপে দাবী কৰিছিল ২০ হাজাৰ ডলাৰ। অৱশ্যে যোৱা ১৬ মে’ত আৰক্ষীয়ে দুই অপহৃত ভাৰতীয়ক উদ্ধাৰ কৰে। পাছত এই ঘটনাৰে জড়িত দুই পাকিস্তানীক গ্ৰেপ্তাৰ কৰে স্থানীয় আৰক্ষীয়ে।

তথ্য অনুসৰি বিদেশত বাস কৰা পাকিস্তানীয়ে শ্ৰীলংকা আৰু নেপালৰ নাগৰিকৰ পৰাও মুক্তিপণ দাবী কৰিছে। সম্প্ৰতি এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা এপ্ৰিলত নেপালৰ পৰা চাৰি পাকিস্তানীক গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁলোকে শ্ৰীলংকাৰ ৪ নাগৰিকক অপহৰণ কৰিছিল। ইয়াৰ পূৰ্বে ২০২২ ত ইস্তানবুলত চাৰি নেপালী নাগৰিকৰ মূৰত বন্দুক ৰাখি অপহৰণ কৰিছিল ছজনীয়া পাকিস্তানী এটা দলে।

পাছত আৰক্ষীয়ে এই দলটোৰ কৱলৰ পৰা উদ্ধাৰ কৰিছিল অপহৃতক। এইদৰেই এতিয়া বিদেশত ভাৰত, শ্ৰীলংকা আৰু নেপালৰ নাগৰিক পাকিস্তানী অপহৰণকাৰীৰ কৱলত পৰিছে।